অসম

assam

ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে যোগান নধৰে ধন

By

Published : Jun 12, 2019, 8:31 AM IST

2018-19 বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে প্ৰদান কৰিছিল 1.06 লাখ কোটি টকা৷

ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে যোগান নধৰে ধন

নিউজ ডেস্ক, 12 জুন :বিগত বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকলৈ 1.06 লাখ টকা কোটি টকাৰ মূলধন প্ৰদান কৰাৰ পাচতেই আগন্তুক বাজেটত বিত্ত মন্ত্ৰালয়ে কোনোধৰণৰ অনুদান প্ৰদান নকৰে ব্যক্তিগত খণ্ডৰ বেংকক ৷ মঙলবাৰে বিভাগীয় সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷

2018-19 বৰ্ষত ব্যক্তিগত খণ্ডৰ বেংকক চৰকাৰে প্ৰদান কৰে 1.06 লাখ কোটি টকা ৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰম্পট কৰেক্টিভ এক্সচ (PCA) ৰ অধীনত প্ৰদান কৰা হৈছিল এই ধন ৷

ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি, 2019 ৰ এপ্ৰিল মাহত বেংকৰ ঋণৰ হাৰ বৃদ্ধি পাইছিল 11.7 শতাংশলৈ ৷ 12 টাকৈ ব্যক্তিগত খণ্ডৰ বেংকক বিগত ফেব্ৰুৱাৰী মাহত ক্ষতিপূৰণ হিচাপে চৰকাৰে প্ৰদান কৰে 48,239 কোটি টকাৰ ধন ৷ উল্লেখ্য যে, এই ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ ভিতৰত আছে নীৰৱ মোডীয়ে ঋণ প্ৰতাৰণা কৰা পঞ্জাৱ নেচনেল বেংকো ৷

ABOUT THE AUTHOR

...view details