অসম

assam

ETV Bharat / briefs

কেৰালাত বাঘে কামুৰি এজনক হত্যাঃ হাবিত উদ্ধাৰ মৃতদেহ

কেৰালাৰ ৱায়নাড জিলাৰ হাবিত বাঘৰ আক্ৰমনত শিৱকুমাৰ নামৰ এজন আদিবাসী যুৱকৰ মৃত্যু। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ মৃতদেহ।

Tiger
Tiger mauls tribal youth in Waynad

By

Published : Jun 18, 2020, 3:30 PM IST

নিউজ ডেস্ক, ১৮ জুনঃ কেৰালাৰ ৱায়নাড জিলাৰ পল্পলী অঞ্চলৰ হাবিত বাঘে কামুৰি ক্ষত-বিক্ষত কৰা অৱস্থাত উদ্ধাৰ এজন আদিবাসী যুৱকৰ মৃতদেহ। বুধবাৰে উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।

কেৰালাত বাঘে কামুৰি এজনক হত্যাঃ হাবিত উদ্ধাৰ মৃতদেহ

শিৱকুমাৰ নামৰ আদিবাসী যুৱকজনে মংগলবাৰে হাবিলৈ গৈ উভতি অহা নাছিল। ইয়াৰ পাছতে স্থানীয় লোক আৰু বন বিভাগে যুৱকজনৰ অনুসন্ধান আৰম্ভ কৰে। ইয়াৰ পাছতে বুধবাৰে বন বিভাগৰ দলটোৱে কেইবাটাও ঠাইত তেজৰ চেকুৰা আৰু কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰী লাভ কৰে। এনেদৰে অনুসন্ধান চলাই থাকোতে কেইবাঠাইত আঘাতপ্ৰাপ্ত ক্ষত-বিক্ষত হৈ পৰি থকা অৱস্থাত যুৱকজনৰ মৃতদেহটো লাভ কৰে বন বিভাগে।

ইতিমধ্যে আৰক্ষীয়ে হাবিৰ পৰা যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লগতে চাওকঃ মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদঃ আবদ্ধ তেল সৰবৰাহ কৰা টেংকাৰ

ABOUT THE AUTHOR

...view details