অসম

assam

ETV Bharat / briefs

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা!! - ভকত

শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাত চিন্তিত সত্ৰবাসী

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা

By

Published : Apr 30, 2019, 8:00 PM IST

আমগুৰি,৩০ এপ্ৰিলঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত নামতিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থাই চিন্তিত কৰি তুলিছে সত্ৰবাসীক । ১৮১৭ চনতে দিহিং নমাটিৰ পৰা উঠি অহা সিদ্ধিৰাম দেৱে প্ৰতিষ্ঠা কৰা সত্ৰখনিৰ বৰ্তমানৰ অৱস্থা শোচনীয় । এখন টিঙৰ চালিতে সত্ৰৰ ভকতসকলে পুৱা-গধূলি ল'ব-লগীয়া হৈছে হৰিনাম। ভকতসকলৰ মত অনুসৰি বৃহত্তৰ নামতি অঞ্চলৰ শ্ৰীশ্ৰী নমাটি সত্ৰখন একমাত্ৰ পৌৰাণিক সত্ৰ। কিন্তু সত্ৰখনৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ সত্ৰখন জহি-খহি যোৱা অৱস্থা দেখি এতিয়া চিন্তিত হৈ পৰিছে সত্ৰবাসীৰ লগতে ভক্তগণ। অতি শীঘ্ৰে এই সত্ৰখনৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সত্ৰখন হেৰাই যাব বুলি মন্তব্য কৰে সত্ৰবাসীয়ে।

আমগুৰিৰ শ্ৰীশ্ৰী নমাটি সত্ৰৰ দুৰৱস্থা

ABOUT THE AUTHOR

...view details