উৰিয়ামঘাটত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্মৃতি দিৱস
উৰিয়ামঘাটৰ বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্মৃতি দিৱস, য'ত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানো অনুষ্ঠিত কৰা হয়
গোলাঘাট,২৩ এপ্ৰিল : অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাট জয়াপথাৰ বীৰাংগনা সতী সাধনী সমন্বয় ক্ষেত্ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে এক বৰ্ণাধ্য অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানখন চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা সতী সাধনীৰ নামত নামাকৰণ কৰি স্মৃতি দিৱস হিচাপে পালন কৰা হয় । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে জাতি-জনগোষ্ঠীসকলৰ নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় | দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানখনৰ সামৰণি পৰে সোমবাৰে । ইয়াৰ উপৰিও এই অনুষ্ঠানখনত প্ৰতিযোগিতামূলক অনুষ্ঠানসমূহৰ বটাঁ বিতৰনী অনুষ্ঠান, মুকলি সভা, স্মৃতি গ্ৰন্থ উন্মোচন, বিশেষ বটাঁ প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।