অসম

assam

ETV Bharat / briefs

সাৱধান!! পেট্ৰলৰ লগত পানী ওলাই মেঘালয়ৰ 13 মাইল পেট্ৰল পাম্পত

মেঘালয়ৰ 13 মাইলত অৱস্থিত ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ একাংশ গাড়ী চালকৰ, পেট্ৰল পাম্পটোত পেট্ৰলৰ সলনি দিয়া হয় পানী, যাৰ বাবে বিকল হৈ পৰে যান বাহন

By

Published : May 24, 2019, 7:11 PM IST

মেঘালয়ৰ ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ

গুৱাহাটী,২৩মে' : মেঘালয়ৰ 13 মাইলত অৱস্থিত ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ একাংশ গাড়ী চালকৰ । দীৰ্ঘদিন ধৰি পেট্ৰল পাম্পটোত পেট্ৰলৰ সলনি পানী দি আহিছে বুলি অভিযোগ উত্থাপন কৰে একাংশ গাড়ী চালকে । ইফালে, এই পেট্ৰল পাম্পটোৰ বাবে বহু বাহন বিকল হৈ পৰাৰ লগতে পেট্ৰল পাম্পটোত পেট্ৰল ভৰায় 100ৰ পৰা 200 মিটাৰ যোৱাৰ পাছতেই বিকল হৈ পৰে গাড়ীৰ ইঞ্জিন । যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজৰ লগতে গাড়ী চালকসকল ।

মেঘালয়ৰ ৰিলায়েন্স পেট্ৰল পাম্পৰ বিৰুদ্ধে অভিযোগ

শুকুৰবাৰেও পেট্ৰল পাম্পটোত পেট্ৰলৰ সলনি পানী দিয়াত উত্তেজিত হৈ পৰে ৰাইজ । যাৰ বাবে, পেট্ৰল পাম্প কৰ্তৃপক্ষক অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে একাংশ গাড়ী চালকে । কিন্তু ৰাইজ আৰু গাড়ী চালকৰ অভিযোগ মানি নলয় পেট্ৰল পাম্প কৰ্তৃপক্ষই । অৱশেষত ঘটনাস্থলীত উপস্থিত মেঘালয়ৰ বৰ্ণিহাত আৰক্ষী । আৰক্ষীয়ে অনুসন্ধান কৰি লাভ কৰে যে পেট্ৰল পাম্পৰ ৰিফিল চেণ্টাৰৰ পৰা পেট্ৰলৰ লগত ওলাই আছে পানী । যাৰ বাবে বিকল হৈছে প্ৰায় 25ৰ পৰা 30 খনকৈ বাহন ।

ABOUT THE AUTHOR

...view details