অসম

assam

ETV Bharat / briefs

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক

নগাঁৱৰ ৰাঙলুত সংঘটিত হোৱা পথ দুৰ্ঘচনাত গুৰুতৰভাৱে আহত হয় একেটা পৰিয়ালৰ ১৩জনকৈ লোক, তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত আহত হোৱা লোককেইজনক নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

By

Published : May 26, 2019, 5:47 PM IST

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক

নগাঁও,২৬মে' : দেওবাৰে নগাঁৱৰ ৰাঙলুত সংঘটিত হয় পথ দুৰ্ঘটনা । এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত শিশু সহ একেটা পৰিয়ালৰে ১৩ জনকৈ লোক গুৰুতৰভাৱে আহত হয় ।

নগাঁৱত পথ দুৰ্ঘটনাত আহত একেটা পৰিয়ালৰ ১৩জন লোক


পৰিয়ালটোৱে এখন মেজিক ভাড়া কৰি মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল আৰু মন্দিৰ দৰ্শন কৰি ঘৰ উভতাৰ পথতেই ৰাঙলুত মেজীখনক এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দিয়াই । যাৰ ফলত জখলাবন্ধা বামুনীৰ বনছিং হাউচি, দিপা টেৰংপি, মনোজ হাউচি সহ পৰিয়ালটোৰ মুঠ ১৩ জন লোক আহত হয় । ঘটনা সংঘটিত হোৱাৰ লগে-লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে আঘাতপ্ৰাপ্ত লোককেইজনক ততাতৈয়াকৈ নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।

অন্য খবৰৰ বাবে : আগে-আগে চোৰ পাচে-পাচে পুলিচঃ গোলাঘাটত পুলিচৰ বিলৈ

ABOUT THE AUTHOR

...view details