অসম

assam

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

By

Published : May 3, 2019, 7:43 PM IST

কৰিমগঞ্জৰ নিলামবজাৰৰ বেডাজাল এলেকাত হাইলাকান্দি আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ৩জনকৈ ডকাইতক ৷ ১৬ জনীয়া ডকাইতৰ দলটোৱে আলগাপুৰৰ মোহনপুৰ এলাকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰত ডকাইতি কৰিছিল ৷

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

কৰিমগঞ্জ,৩মে' : শুকুৰবাৰে হাইলাকান্দি আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ৩জনকৈ ডকাইতক । কৰিমগঞ্জৰ নিলামবজাৰৰ বেডাজাল এলেকাত অভিযান চলায় গ্ৰেপ্তাৰ কৰে ডকাইতকেইজনক ।

কৰিমগঞ্জত গ্ৰেপ্তাৰ ৩জন ডকাইত

ঘটনা অনুসৰি,৬ এপ্ৰিলত হাইলাকান্দি জিলাৰ আলগাপুৰৰ মোহনপুৰ এলেকাৰ কাইদূল আলম বৰভূঞাৰ ঘৰত ডকাইতিৰ ঘটনা সংঘটিত হৈছিল । লোকজনৰ ঘৰৰ পৰা সোনৰ আ-অলংকাৰৰ লগতে প্ৰায় ৩০ লাখ টকা হৰলুটি কৰিছিল ডকাইতকেইজনে । ১৬ জনীয়া ডকাইতৰ দলটোৱে লোহাৰ চন্দুকৰ লগতে সোনৰ অলংকাৰৰ আৰু এটা মোবাইল ফোনো চুৰি কৰি লৈ গৈছিল । পাছত ডকাইত কেইজনে সেই মোবাইল ফোনটোত ছিম লগোৱাৰ লগে-লগে আলগাপুৰ আৰক্ষীয়ে নম্বৰ ট্ৰেক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ডকাইতকেইজনক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ডকাইতকেইজনক জেৰা কৰি জানিব পাৰে লোহাৰ চন্দুকটো কৰিমগঞ্জৰ বেডাজাল এলাকাত পেলাই থৈ যোৱাৰ কথা । সেই মৰ্মে শুকুৰবাৰে কৰিমগঞ্জ আৰক্ষীৰ লগতে আলগাপুৰ আৰক্ষী আৰু লালা আৰক্ষীয়ে পানী-মেটেকাৰ পৰা ক্ৰেন লগাই উদ্ধাৰ কৰে লোহাৰ চন্দুকটো ।

ABOUT THE AUTHOR

...view details