অসম

assam

ETV Bharat / briefs

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি গোৱালপাৰা সাংবাদিক সন্থাৰ প্ৰতিবাদ

সাংবাদিক পৰাগ ভূঁঞাৰ হত্যাৰ উচিত ন্যায়ৰ দাবীত গোৱালপাৰাত সাংবাদিক সন্থাৰ প্ৰতিবাদ। ভূঁঞাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সাংবাদিক সন্থাই।

Goalpara Journalists association protest against repoter Parag Bhuyan murder
সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি গোৱালপাৰা সাংবাদিক সন্থাৰ প্ৰতিবাদ

By

Published : Nov 13, 2020, 10:14 PM IST

গোৱালপাৰা, ১৩ নৱেম্বৰ: সাংবাদিক পৰাগ ভূঁঞাৰ হত্যাৰ উচিত ন্যায়ৰ দাবীত উত্তপ্ত হৈছে ৰাজ্য। সমান্তৰালকৈ গোৱালপাৰা জিলাতো সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিক পৰাগ ভূঁঞাৰ হত্যাকাণ্ডৰ বিৰুদ্ধে কলা বেজ পৰিধান কৰি ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক সন্থাসহ কেইবাটাও দল সংগঠনৰ অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে।

সাংবাদিক পৰাগ ভূঞাৰ হত্যাৰ ন্যায় বিচাৰি গোৱালপাৰা সাংবাদিক সন্থাৰ প্ৰতিবাদ

উক্ত প্ৰতিবাদী কাৰ্যসূচীত গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাপতি আব্দুছ ছোবাহানে সাংবাদিক পৰাগ ভূঁঞাৰ দুৰ্ঘটনাজনিত মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি বিবেচনা কৰি চৰকাৰে চি.আই.ডিৰ জৰিয়তে ইয়াৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ প্ৰদানৰ দাবী উত্থাপন কৰে। লগতে প্ৰয়াত ভূঁঞাৰ পৰিয়ালৰ কোনোবা এগৰাকী লোকক চাকৰি প্ৰদানৰ লগতে ৫০ লাখ টকাৰ এককালীন ক্ষতিপূৰণ প্ৰদানৰো দাবী উত্থাপন কৰে।

এই প্ৰতিবাদী কাৰ্যসূচীত চিপিআই আৰু চিপিএম দলৰ হৈ ননী দাস, ৰেডক্ৰছ চছাইটীৰ হৈ শৈলেন দাস, গোৱালপাৰা জিলা কৃষক মুক্তিৰ হৈ মনিশংকৰ গয়াৰী, গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰী, ছাত্ৰ মুক্তিৰ হৈ আমিনুল হক, সাংবাদিক সন্থাৰ তৰফৰ পৰা ৰাশিদুল হকেও চমু বক্তব্য দাঙি ধৰে।

লগতে পঢ়কঃপৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ৰাহুল গান্ধীৰ টুইট

ABOUT THE AUTHOR

...view details