ফেণীৰ বাবে বাতিল ৪০ খনৰো অধিক বিমান
ফেণীৰ সংহাৰী ৰূপৰ বাবে বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল কৰা হয় ৪০ খনৰো অধিক বিমান, বিমান বাতিলৰ বাবে যাত্ৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতৰ ৷
গুৱাহাটী,৪মেঃ ওড়িশাৰ পাছত পশ্চিমবংগত ফেণীৰ প্ৰৱেশ ঘটাৰ লগে-লগে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। লাহে-লাহে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত। যাৰ বাবে শনিবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা বাতিল কৰা হয় ৪০খনৰো অধিক বিমান । ফণীৰ সংহাৰী ৰূপৰ বাবে বৰঝাৰ বিমানবন্দৰৰ পৰা কলিকতা,ইম্ফল,আগৰতলা,হাইদৰাবাদলৈ যাবলগীয়া আটাইকেইখন বিমান বাতিল কৰা হয়। এই বিমান বাতিলৰ বাবে এতিয়া যাত্ৰীসকলৰ মাজত বহু সমস্যাৰ সৃষ্টি হয়। দিল্লী আৰু মুম্বাইলৈ যোৱা মাত্ৰ দুই-এখন বিমানৰ বাহিৰে কোনো বিমান উৰণ-অৱতৰন কৰিবলৈ দিয়া নাই বৰঝাৰস্থিত আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ কৰ্তৃপক্ষই।