কৰিমগঞ্জ,৩০মে' : কৰিমগঞ্জৰ লোৱাইৰপোৱা সমবায় সমিতিৰ অধীনত থকা এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ গৌতম কৈৰীৰ। সমিতিখনৰ অধীনত থকা 'আমাৰ দোকান' নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে বিক্ৰী কৰি আহিছে ম্যাদ উকলি যোৱা আটা। কৈৰীয়ে ২৯মে'ৰ দিনা প্ৰতিষ্ঠানখনৰ পৰা 250 টকাৰ বিনিময়ত ক্ৰয় কৰিছিলে ৫ কিলোগ্ৰাম আটা। এই আটা খোৱাৰ পাছতে অসুস্থ হৈ পৰিছে গৌতম কৈৰীৰ গোটেই পৰিয়াল ।
কৰিমগঞ্জত ম্যাদ উকলি যোৱা আটা খাই অসুস্থ এটা পৰিয়াল
কৰিমগঞ্জৰ গৌতম কৈৰী নামৰ লোকজনে লোৱাইৰপোৱা সমবায় সমিতিৰ অধীনত থকা 'আমাৰ দোকান' নামৰ প্ৰতিষ্ঠানৰ পৰা আটা ক্ৰয় কৰা আটা খোৱাৰ পাছত অসুস্থ হৈ পৰে কৈৰীৰ পৰিয়াল
কৰিমগঞ্জত ম্যাদ উকলি যোৱা আটা খাই অসুস্থ এটা পৰিয়াল
ইফালে, এই ঘটনাৰ পাছতে লোকজনক প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষৰ জনোৱাৰ পাছতে কৰ্তৃপক্ষই জনায় যে, তেওঁলোকৰ কোনো ভুল নাই । কৰিমগঞ্জৰ পৰা অনা হৈছিল এই আটখিনি,তাৰ পৰাহে ম্যাদ উকলি যোৱা আটা।