চিৰাঙত লাংডাং বৈশাগুৰ উলহ-মালহ পৰিৱেশ
চিৰাং জিলা বাঙালডোবাত লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুৰ আয়োজন কৰা হয়, য'ত শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে ৷
চিৰাং, 28 এপ্ৰিল : ৰঙালীৰ ৰঙত মতলীয়া চিৰাং জিলা ৷ দেওবাৰে জিলাখনৰ বাঙালডোবাত লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুৰ আয়োজন কৰা হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ (এবছুৰ) শাখা সমিতিয়ে আয়োজন কৰে এই বিহুমেলাখনিৰ ৷ এই লাংডাং বৈশাগু অৰ্থাৎ মুকলি বিহুখনি মুকলি কৰে বড়ো ভাষাৰ প্ৰথম বোলছবি "আলায়াৰন"ৰ অভিনেত্ৰী ৰোহিলা ব্ৰহ্ম মুছাহাৰীয়ে ৷ এই লাংডাং বৈশাগুত অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰাৰ লগতে একক,দ্বৈত আৰু দলীয় মুঠ চল্লিশটা দলে অংশগ্ৰহণ কৰে ৷ আনহাতে, এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ শাখা সমিতিয়ে ৷