অসম

assam

ETV Bharat / briefs

ব্ৰাজিলত কৰ'ণাৰ বিভীষিকাঃ এইপৰ্যন্ত ৪২,০০০ গৰাকীৰ অধিক লোকৰ মৃত্যু

আমেৰিকাৰ পাছতে কোভিড-১৯ ৰ ফলত মৃত্যু হোৱা ৰোগীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ব্ৰাজিল। বিগত ২৪ ঘণ্টাত ব্ৰাজিলত ২১,৭০৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৯২ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

Brazil
Brazil has more than 850,000 COVID-19 cases, death toll at over 42,000 - Health Ministry

By

Published : Jun 14, 2020, 1:58 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ১৪ জুনঃ ব্ৰাজিলত ৮,৫০,০০০ অতিক্ৰম কৰিলে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই। ৰাষ্ট্ৰখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈকে ব্ৰাজিলত এই মহামাৰীত মৃত্যুমুখত পৰিছে ৪২,৭২০ গৰাকী লোক। বিশ্বৰ কোভিড-১৯ আক্ৰান্ত ২১৩ খন দেশ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দ্বিতীয় স্থানত আছে ব্ৰাজিল।

বিগত ২৪ ঘণ্টাত ব্ৰাজিলত ২১,৭০৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৯২ গৰাকী ৰোগীৰ মৃত্যু হৈছে। শনিবাৰে নিশাৰ ভাগত দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি মুঠ ৮,৫০,৫১৪ গৰাকী লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ৰ উপস্থিতি । আমেৰিকাৰ পাছতে কোভিড-১৯ ৰ ফলত মৃত্যু হোৱা ৰোগীৰ ক্ষেত্ৰতো দ্বিতীয় স্থানত আছে ব্ৰাজিল ।

উল্লেখ্য যে, আমেৰিকাত এইপৰ্যন্ত ২১,৪২,০০০ গৰাকীৰো অধিক লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে । আনহাতে, ৰাষ্ট্ৰখনত মৃত্যুমুখত পৰিছে ১১,৭,৫২৭ গৰাকী ৰোগী ।

ABOUT THE AUTHOR

...view details