গুৱাহাটী, ৪মে' : ফেনীৰ বাবে ৰাজ্যবাসী শংকিত হোৱাৰ কোনো কাৰণ নাই । উৰিষ্যা,পশ্চিমবংগৰ দৰে অসমত প্ৰভাৱ নপৰে এই ঘূৰ্ণী বতাহৰ । শনিবাৰে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াৰ লগত ই.টি.ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে । দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই অসমৰ ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনোৱাৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ লগতে সকলো জিলা প্ৰশাসনে যিকোনো পৰিস্থিতিৰ লগত মুখামুখি হ'বলৈ সাজু বুলি মন্তব্য কৰে ।
অসমত নপৰে ফেনীৰ প্ৰভাৱ: দুৰ্যোগ ব্যৱস্থাপনা বিষয়া
শনিবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত ফেনীৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷
অসমত ফেণীৰ প্ৰভাৱ নপৰে
আনহাতে, শনিবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ কাৰ্যালয়ত ফেনীৰ বাবে এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷