চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী:হাম দিল দে চুকে চনমৰ পাছত পুনৰ একেলগে কাম কৰাৰ বাবে সাজু হৈছে বলিউডৰ অভিনেতা অজয় দেৱগন আৰু ছবি নিৰ্মাতা তথা প্ৰযোজক সঞ্জয় লীলা ভাঞ্চালী । ভাঞ্চালীৰ আহিবলগীয়া ছবি গংগুবাই কাথিয়াবাড়িত খুব কম সময়ৰ বাবে অথচ এক শক্তিশালী চৰিত্ৰত অজয় দেৱগনক দেখিবলৈ পোৱা যাব ।
জানিব পৰা মতে ছবিখনত এক বিশেষ কেমিঅ' প্ৰৱেশৰ বাবে প্ৰযোজক গৰাকীৰ আহ্বানৰ প্ৰতি অভিনেতা গৰাকীয়ে সহাৰি জনাইছে । ৫১ বৰ্ষীয় অভিনেতা গৰাকীয়ে ছবিখনত ৰিয়েল-লাইফ আন্দাৰৱৰ্ল্ড ডনৰ চৰিত্ৰত অভিনয় কৰিব ।
আলিয়া ভাটে ছবিখনত মাফিয়া কুইনৰ চৰিত্ৰ চৰিত্ৰায়ন কৰিছে মাতৃত্ব আৰু এখন পতিতালয়ৰ গৰাকীক লৈ ছবিখনৰ কাহিনীভাগ আগুৱাই যাব । অভিনেত্ৰী আলিয়া ভাটে ছবিখনত মাফিয়া কুইনৰ চৰিত্ৰ চৰিত্ৰায়ন কৰিছে । হোছেইন যাইদিয়ে লিখা মুম্বাই বুকৰ মাফিয়া কুইনৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
সঞ্জয় লীলা ভাঞ্চালীৰ গংগুবাই কাথিয়াবাড়িত অজয় দেৱগন উল্লেখ্য যে, বাজিৰাও মস্তানীৰ সময়তো ভাঞ্চালী আৰু দেৱগনে একেলগে কাম কৰাটো প্ৰায় নিশ্চিত হৈ উঠিছিল যদিও ‘টানহাজীত’ অধিক মনোনিৱেশ কৰিবলগীয়া হোৱাত অভিনেতা গৰাকীয়ে ভাঞ্চালীৰ প্ৰস্তাৱ নাকচ কৰিছিল । অৱশেষত প্ৰায় দুটা দশকৰ পাছত 'হাম দিল দে চুকে চনম' যুটিয়ে পুনৰ একেলগে কাম কৰিব । যদিওবা ছবিখনত দেৱগনে কেমিঅ' হিচাপে প্ৰৱেশ কৰিব তথাপি তেঁওৰ চৰিত্ৰটোৱে ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।
লগতে পঢ়ক:বাফটা'ৰ মনোনয়নক লৈ আনন্দিত প্ৰিয়ংকাৰ ভগ্নী পৰিনীতি চোপ্ৰা