অসম

assam

ETV Bharat / briefs

দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

২৬ জুনত দিল্লীত মুঠ ২৮০ টা কণ্টেইনমেণ্ট জ'ন আছিল। ২৭ জুনৰ পৰা ক্ৰমাৎ এই সংখ্যা বৃদ্ধি হৈ এতিয়া কণ্টেইনমেণ্ট জ'নৰ সংখ্যা মুঠ ৪৩৬ টা হৈছে। দিল্লী চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২১ জুনৰ পাছত দিল্লীত নতুনকৈ ১৯৮ টা কণ্টেইনমেণ্ট জ'নৰ সংখ্যা বৃদ্ধি হৈছে।

By

Published : Jul 1, 2020, 1:48 PM IST

coronavirus outbreak
after june 21 198 new containment zones in delhi due to coronavirus outbreak

নিউজ ডেস্ক, ১ জুলাইঃ ৰাজধানী দিল্লীত দৈনিক দ্ৰুত গতিত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এদিনত প্ৰায় ২,১৯৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হয়। এইপৰ্যন্ত ৰাজধানী চহৰখনত ৮৭ হাজাৰৰো অধিক লোক এই মহামাৰীত আক্ৰান্ত হৈছে। সমান্তৰালভাৱে চহৰখনত বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ'ন সংখ্যাও ।

দিল্লীত ৪৩৬ টালৈ বৃদ্ধি কণ্টেইনমেণ্ট জ'নৰ সংখ্যা

২৬ জুনত স্বাস্থ্য বিভাগৰ বুলেটিনত উল্লেখ কৰা অনুসৰি দিল্লীত মুঠ ২৮০ টা কণ্টেইনমেণ্ট জ'ন আছিল। ২৭ জুনৰ পৰা ক্ৰমাৎ এই সংখ্যা বৃদ্ধি হৈ এতিয়া কণ্টেইনমেণ্ট জ'নৰ সংখ্যা মুঠ ৪৩৬ টা হৈছে। দিল্লী চৰকাৰে প্ৰকাশ কৰা অনুসৰি ২১ জুনৰ পাছত দিল্লীত নতুনকৈ ১৯৮ টা কণ্টেইনমেণ্ট জ'নৰ সংখ্যা বৃদ্ধি হৈছে।

চহৰখনৰ ভিতৰত সবাটোকৈ অধিক কণ্টেইনমেণ্ট জ'ন দক্ষিণ-পশ্চিম জিলাসমূহত আছে। ইয়াৰে ৮০ টা অঞ্চলক কোভিড-১৯ হ'টস্পট অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ উপৰিও উত্তৰ দিল্লীত ৬৫ টা, নতুন দিল্লীত ২৩ টা, উত্তৰ-পশ্চিম দিল্লীত ২৮ টা,পূৱ দিল্লী,পশ্চিম দিল্লী আৰু দক্ষিণ-পূৱ দিল্লীত ৩১ টাকৈ, দক্ষিণ দিল্লীত ৬০ টা,শাহদৰাত ৩৮ টা, উত্তৰ-পূৱ দিল্লীত ৯ টা আৰু চেট্ৰেল দিল্লীত ৪০ টা কণ্টেইনমেণ্ট জ'ন আছে।

ৰাজধানী দিল্লীত নতুনকৈ বহু অঞ্চল কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা হোৱাৰ বিপৰীতে বহু অঞ্চলক ডি-কণ্টেইনমেণ্ট কৰা হৈছে। উক্ত অঞ্চলসমূহত কোভিড-১৯ আক্ৰান্ত হোৱা লোকসকল আৰোগ্য লাভ কৰাৰ পাছত ডি-কণ্টেইনমেণ্ট কৰা হয়। ইতিমধ্যে ৯৫ টা কণ্টেইনমেণ্ট জ'নক ডি-কণ্টেইনমেণ্ট কৰা হৈছে।

লগতে চাওকঃ ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক

ABOUT THE AUTHOR

...view details