অসম

assam

ETV Bharat / briefs

সুতাৰকান্দি সীমান্তৰে ভাৰতলৈ উভতি আহিল দুই ভাৰতীয়

কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে হোজাইৰ ইকবাল হুছেইন দিলোৱাৰ আৰু চেলিম উদ্দিন আৰু বাংলাদেশলৈ উভতে বাবলু ৰয় ঘাটোৱাৰ নামৰ এজন বাংলাদেশী

সুতাৰকান্দি সীমান্তৰে ভাৰতলৈ উভতি আহিল দুজন ভাৰতীয়

By

Published : May 30, 2019, 9:22 PM IST

Updated : May 31, 2019, 1:45 AM IST

কৰিমগঞ্জ,৩০মে': বৃহস্পতিবাৰে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ভাৰতত প্ৰৱেশ কৰে দুজন ভাৰতীয় নাগৰিকে। ২০১৮ বৰ্ষত হোজাইৰ ইকবাল হুছেইন দিলোৱাৰ আৰু চেলিম উদ্দিন নামৰ লোক দুজনে বাংলাদেশত প্ৰৱেশ কৰিছিল। লোক দুজনে কোনো পাৰ-পত্ৰ নোহোৱাকৈ বাংলাদেশত প্ৰৱেশ কৰাৰ বাবে কাৰাদণ্ডও খাটিব লগীয়া হৈছিল । অৱশেষত, দেশ দুখনৰ মাজত হোৱা উচ্চ পৰ্যায়ৰ আলোচনাৰ পাছত বৃহস্পতিবাৰে সুতাৰকান্দি সীমান্তৰে কৰিমগঞ্জ আৰক্ষীৰ লগতে হোজাইৰ আৰক্ষীৰ উপস্থিতিত দুয়োজন লোককে ভাৰতলৈ উভতাই অনা হয়।

সুতাৰকান্দি সীমান্তৰে ভাৰতলৈ উভতি আহিল দুজন ভাৰতীয়

ইফালে,বৃহস্পতিবাৰে ভাৰতৰ পৰাও বাবলু ৰয় ঘাটোৱাৰ নামৰ এজন বাংলাদেশীক উভতাই পঠোৱা হয় বাংলাদেশলৈ। বাবলু ৰয় ঘাটোৱাৰে প্ৰায় চাৰি বছৰ পূৰ্বে কৰিমগঞ্জৰ পাথাৰকান্দি সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। লোকজনে ডিটেনছন কেম্পত শাস্তি লাভ কৰিছিল যদিও শাস্তিৰ সময়সীমা উকলি যোৱাত সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ উভতাই পঠোৱা হয় লোকজনক।

Last Updated : May 31, 2019, 1:45 AM IST

ABOUT THE AUTHOR

...view details