অসম

assam

Union Budget 2023 : মধ্যবিত্তৰ বাবে বৃহৎ সকাহ : 7 লাখলৈকে আয়কৰ শূন্য

By

Published : Feb 1, 2023, 12:53 PM IST

Updated : Feb 1, 2023, 1:39 PM IST

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৩ চনৰ বাজেট ভাষণত সাধাৰণ মানুহৰ বাবে এক বৃহৎ ঘোষণা কৰিছে । বাজেট ঘোষণা কৰি তেওং কয়, 7 লাখ টকালৈকে উপাৰ্জন কৰা যিকোনো লোকে নতুন কৰ ব্যৱস্থা অনুসৰি কোনো কৰ পৰিশোধ কৰিব নালাগে (Big Budget 2023 relief for middle class) ।

7 লাখলৈকে আয়কৰ শূন্য
7 লাখলৈকে আয়কৰ শূন্য

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী :2023-ৰ বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সাধাৰণ মানুহৰ বাবে এক বৃহৎ ঘোষণা কৰিছে (Nirmala Sitharaman Budget 2023) ।

তেওঁ ঘোষণা কৰিছে যে নতুন কৰ ব্যৱস্থা অনুসৰি 7 লাখ টকালৈকে উপাৰ্জন কৰা যিকোনো লোকে কোনো কৰ পৰিশোধ কৰিব নালাগিব (Zero Income Tax for income upto Rs 7 lakh) ।

বাজেট 2023-24-ত ব্যক্তিগত কৰ সম্পৰ্কে মুখ্য ঘোষণা (Key announcements of personal taxes in Budget 2023)

নতুন কৰ ব্যৱস্থা অনুসৰি নৱীকৰণ কৰা কৰ শ্লেব (Renewed tax slabs as per new tax regime) : 0-3 লাখলৈকে শূন্য, 3-6 লাখলৈকে 5%, 6-9 লাখলৈকে 10%, 9-12 লাখলৈকে 15%, 12-15 লাখলৈকে 20%, আৰু 15 লাখৰ ওপৰত 30% ।

নতুন কৰ ব্যৱস্থা অবিকল্পিতভাৱে হ'ব (new tax regime will be by default) ।

9 লাখ টকালৈকে উপাৰ্জন কৰা যিকোনো ব্যক্তিয়ে এতিয়া 45,000 টকা (5%) কৰ হিচাপে পৰিশোধ কৰিব লাগিব । যিটো তেওঁ বৰ্তমান পৰিশোধ কৰিবলগা 60,000 টকাতকৈ কম হ'ব । একেদৰে 15 লাখ টকালৈকে উপাৰ্জন কৰা লোকসকলৰ কৰ হ'ব 1.5 লাখ টকা (10%) । বৰ্তমান তেওঁলোকে 1.87 লাখ টকা কৰ পৰিশোধ কৰিব লাগে ।

১৫.৫ লাখ টকা বা ততোধিক উপাৰ্জন কৰা প্ৰতিজন বেতনভোগী ব্যক্তিয়ে ৫২, ৫০০ টকাকৈ লাভান্বিত হ'ব (salaried person benefit by Rs 52500) ।

বৰ্তমান দেশৰ সৰ্বাধিক কৰ হৈছে 42.7 শতাংশ । ২০২৩-২৪ চনৰ বাজেটত চাৰ্চাৰ্জৰ হাৰ ৩২ শতাংশৰ পৰা ২৭ শতাংশলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিয়া হৈছে (Budget 2023 proposed to reduce surcharge rate) । এইটোৱে সৰ্বাধিক কৰ হাৰ ৩৯ শতাংশলৈ হ্ৰাস কৰিব ।

এজন কৰ্মচাৰীৰ ক্ষেত্ৰত অৱসৰৰ সময়ত (কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাহিৰে) গড় দৰমহাৰ 10 মাহলৈকে আৰ্জিত ছুটী (earned leave) ৰখাৰ বাবে, আয়কৰ আইনৰ ধাৰা 10-ৰ (আইন) উপ-দফাৰ (10এএ) অধীনত অধিসূচনা জাৰি কৰা পৰিমাণলৈকে ৰেহাই দিয়া হয় । ৰেহাই পাব পৰা সৰ্বাধিক পৰিমাণ বৰ্তমান ৩ লাখ টকা । এই সীমা ২৫ লাখ টকালৈ বৃদ্ধি কৰিবলৈ জাননী জাৰি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

লগতে পঢ়ক :UNION BUDGET 2023 LIVE UPDATES: সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট পাঠ

Last Updated : Feb 1, 2023, 1:39 PM IST

ABOUT THE AUTHOR

...view details