নেশ্যনেল ডেস্ক, ৬ জুলাই: জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগে সৃষ্টি কৰিব পৰা ভয়াৱহ বিপদ সম্পৰ্কে মানুহক সজাগ কৰাৰ বাবে মঙলবাৰে পালন কৰা হৈছে বিশ্ব জুন'ছিছ দিৱস(World Zoonoses Day) । চলিত বৰ্ষৰ বিশ্ব জুন'ছিছ দিৱস(World Zoonoses Day)ৰ বিষয়বস্তু হৈছে "জুন'টিক ৰোগৰ সংক্ৰমণ ৰোধ কৰো আহক" । ইব'লা, এভিয়ান ইনফ্লুৱেঞ্জা আৰু ৱেষ্ট নাইল ভাইৰাছৰ দৰে জুন'টিক ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জুন'টিক যক্ষ্মা হৈছে এক প্ৰকাৰৰ যক্ষ্মা, যি প্ৰায়েই সংক্ৰমিত জন্তুৰ পৰা আনলৈ সংক্ৰমিত হয় ।
সচৰাচৰ গৰুৰ পৰা মানুহলৈ এই ৰোগ সংক্ৰমিত হয় । সংক্ৰমিত জন্তুৰ মাংস খালেও এনে ধৰণৰ ৰোগ বিয়পিব পাৰে । এনে ৰোগ সংক্ৰমণৰ মূল কাৰণ হৈছে-ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী আৰু ভেঁকুৰৰ দৰে বীজাণু । এই ৰোগ জন্তু আৰু মানুহ উভয়ৰে ক্ষেত্ৰত দেখা দিব পাৰে ।
বিজ্ঞানীসকলৰ মতে, ক্ষতিকাৰক বীজাণু কঢ়িয়াই অনা, কিন্তু দেখাত স্বাস্থ্যৱান জন্তুবোৰেও মানুহক সংক্ৰমিত কৰিব পাৰে ।
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ তথ্য মতে, প্ৰায় ৭৫ শতাংশ নতুন ৰোগ জন্তুৰ পৰা সংক্ৰমিত হয় । জন্তুৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ পৰা বা পৰোক্ষভাৱে মানুহলৈ সংক্ৰমণ হ'ব পাৰে । উৰহ, মহ আদিয়েও এই ৰোগ বিয়পাব পাৰে । সাধাৰণতে মহে কামোৰাৰ ফলত এনে ধৰণৰ ৰোগ বৈছিকৈ হয় ।
সচৰাচৰ হৈ থকা জুন'টিক ৰোগবোৰ হৈছেঃ
১) প্লেগ
২) যক্ষ্মা
৩) মেকুৰীয়ে আঁচুৰিলে হোৱা জ্বৰ
৪) টিক পক্ষাঘাত
৫) হান্টা ভাইৰাছ
৫) খৰ-খজুৱটি
৬) ছেলম'নেল'চিছ