অসম

assam

ETV Bharat / bharat

World Water Day 2023: আজিৰ দিনটোতে বিশ্ব জল দিৱস কিয় পালন কৰা হয় জানেনে ?

আমি আমাৰ জীৱনত পানীৰ গুৰুত্বৰ বিষয়ে অৱগত, কিন্তু আজিও আমি ইয়াৰ সংৰক্ষণৰ বিষয়ে সজাগ নহয়, সেয়ে এই বিশ্ব জল দিৱসৰ জৰিয়তে জনসাধাৰণৰ মাজত পানীৰ গুৰুত্ব আৰু ইয়াক সংৰক্ষিত কৰাৰ বিষয়ে সজাগ কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।

World Water Day 2023 Know the history significance and theme
আজিৰ দিনটোতে বিশ্ব জল দিৱস কিয় পালন কৰা হয় জানেনে ?

By

Published : Mar 22, 2023, 1:31 PM IST

পানীয়েই প্ৰাণ, এই বাক্যশাৰী হয়তো আমি বহুবাৰ শুনিছো পানী অবিহনে হয়তো আমি আমাৰ জীৱন কল্পনাও কৰিব নোৱাৰো ৷ পানী সংৰক্ষণ কৰাটো আমাৰ বাবে কিমান জৰুৰী সেই বিষয়ে আমি সকলোৱে জ্ঞাত(World Water Day 2023)৷ কিন্তু প্ৰশ্ন হয় যে বাস্তৱ জীৱনত এই কথা কিমান জনে মানে বা কিমান জনে অৱলম্বন কৰে ৷

আজি বিশ্ব জল দিৱস, প্ৰতি বছৰে ২২ মাৰ্চৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব জল দিৱস হিচাপে পালন কৰা হয় । ১৯৯৩ চনত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় এই দিৱস । বিশ্বজুৰি এই দিৱস উদযাপন কৰাৰ উদ্দেশ্য হৈছে পানীৰ গুৰুত্বৰ বিষয়ে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰা । একে সময়তে ইয়াৰ অপচয় বন্ধ কৰিবলৈ আৰু সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ বিষয়ে মানুহক সচেতন কৰা । যাৰ বাবে বিদ্যালয় মহাবিদ্যালয়ৰ পৰা কাৰ্যালয়লৈকে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু ইয়াৰ বিষয়ে মানুহক জনাবলৈ চেষ্টা কৰা হয় । গতিকে এই দিৱসটো কেনেকৈ আৰম্ভ হ’ল আৰু এই বৰ্ষত কি থিম লৈ এইবাৰ বিশ্ব জল দিৱস পালন কৰা হৈছে, এই বিষয়ে বিতংভাৱে জানো আহক ।

বিশ্ব জল দিৱসৰ ইতিহাস

১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সন্মিলনত বিশ্ব জল দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল । এই প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাত ১৯৯৩ চনত প্ৰথমবাৰৰ বাবে ২২ মাৰ্চত ‘বিশ্ব জল দিৱস’ পালন কৰা হয় । তেতিয়াৰ পৰাই প্ৰতি বছৰে ২২ মাৰ্চৰ দিনা "বিশ্ব জল দিৱস" পালন কৰা হয় ।

২০২৩ চনৰ বিশ্ব জল দিৱসৰ তাৎপৰ্য

পানী অবিহনে জীৱন কল্পনা কৰাটো অসম্ভৱ । পানীৰ গুৰুত্বৰ বিষয়ে মানুহক সজাগ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, শক্তি উৎপাদন আৰু কৃষি আদি বহু বস্তুৰ বাবে পানী অপৰিহাৰ্য । পানী এক সীমিত সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰ আৰু দায়িত্বশীলভাৱে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয় । আজি জনসংখ্যা বৃদ্ধি আৰু সজাগতাৰ অভাৱৰ বাবে দেশৰ লগতে বিশ্বৰ বহু ঠাইত পানীৰ নাটনি হৈছে । দৈনন্দিন প্রয়োজনীয়তাৰ সমান্তৰালকৈ মানুহে খোৱাপানীও পোৱা নাই, গতিকে পানী সংৰক্ষণৰ সম্পর্কে সজাগতা বিয়পোৱাটো অধিক গুৰুত্বপূর্ণ হৈ পৰিছে ৷ পানীক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা আৰু অপচয় নকৰাটো পৃথিৱীৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য ।

২০২৩ চনৰ বিশ্ব জল দিৱসৰ বিষয়বস্তু

প্ৰতি বছৰে বিশ্ব জল দিৱস উপলক্ষে এটা থিম নিৰ্ধাৰণ কৰি তাক কেন্দ্ৰ কৰি কাম কৰা হয় । এইবাৰ অৰ্থাৎ ২০২৩ চনত বিশ্ব জল দিৱসৰ বিষয়বস্তু হৈছে “Accelerating Change”। থিমটোত জল খণ্ডত গতি আৰু তাৎক্ষণিকতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ।

লগতে পঢ়ক:World Down Syndrome Day: জনসাধাৰণে ডাউন চিণ্ড্ৰমৰ বিষয়ে জনাটো কিয় প্ৰয়োজন ?

ABOUT THE AUTHOR

...view details