নিউজ ডেস্ক , ১০ জানুৱাৰী : শচীন তেণ্ডুলকাৰক "ভাৰতৰত্ন" সন্মান প্ৰদানৰ পিছতে দেশৰ আন বহু মহান খেলুৱৈক এই সন্মান প্ৰদানৰ দাবী উঠিছে । সেই খেলুৱৈৰ তালিকাত আছে হকীৰ যাদুকৰ ধ্য়ানচাঁদৰ নাম । ধ্য়ানচাঁদক "ভাৰতৰত্ন" প্ৰদানৰ বাবে দাবী কৰিলে ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক বি পি গোবিন্দে । আনকি হকীৰ যাদুকৰ তথা মহান খেলুৱৈ ধ্য়ানচাঁদক আজিলৈ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান "ভাৰতৰত্ন" কিয় দিয়া নহ’ল বুলিও প্ৰশ্ন কৰে ।
বহু লোকে ধ্য়ানচাঁদৰ নাম "ভাৰতৰত্ন"ৰ মনোনয়নৰ বাবে বিচৰা পিছতো কিয় তেওঁৰ নাম তালিকাত নাই তাকলৈও প্ৰশ্ন ১৯৭৫ চনৰ হকী বিশ্বকাপ জয়ী হোৱা দলটোৰ অন্য়তম খেলুৱৈ গোবিন্দৰ । হকীৰ যাদুকৰৰ লগতে ফুটবলৰ পেলেৰ লগত ৰাইজে তুলনা কৰা খেলুৱৈ গৰাকীয়ে কিয় ভাৰত ৰত্ন নাপাই বুলিও প্ৰশ্ন কৰে তেওঁ । ধ্য়ানচাঁদৰ প্ৰশংসা কৰি তেওঁ কয় যে হকী খেলৰ পৰা অব্য়াহতি লোৱাৰ পিছত ধ্য়ানচাঁদে এনআইএছৰ হকী দলৰ মুখ্য় প্ৰশিক্ষক হিচাপেও বহু বছৰ সেৱা আগবঢ়াই । খেলুৱৈ গৰাকীয়ে উল্লেখ কৰা মতে এনআইএছতে হকীৰ যাদুকৰ ধ্য়ানচাঁদক তেওঁ লগ পাইছিল ।