নেশ্যনেল ডেস্ক,২৯ জুলাই :সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্য । তেজত অক্সিজেনৰ স্তৰ হ্ৰাস পোৱাৰ লগতে উশাহ-নিশাহত কষ্ট পোৱাৰ পাছতে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় । স্বাস্থ্যৰ অধিক অৱনতি হোৱাৰ বাবে তেওঁক তাৎক্ষণিক চিকিৎসাৰ বাবে আলিপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বালিগুঞ্জৰ পাম এভিনিউত থকা তেওঁৰ বাসগৃহত আছিল । স্বাস্থ্যৰ অৱনতি হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । তেওঁক নিৰন্তৰভাৱে চিকিৎসকৰ দলে পৰ্যৱেক্ষণত ৰাখিছে আৰু আইচিইউত ভৰ্তি কৰোৱা হৈছে ।
চিকিৎসালয়ৰ সূত্ৰৰ মতে প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেব ভট্টাচাৰ্যৰ স্বাস্থ্যৰ শনিবাৰে পুৱা অধিক অৱনতি ঘটে । যাৰ বাবে পাম এভিনিউৰ তেওঁৰ বাসগৃহৰ পৰা আলিপুৰৰ চিকিৎসালয়লৈ এম্বুলেন্সেৰে লৈ অহা হয় । কিন্তু সেই সময়ত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আলিপুৰৰ ব্যক্তিগত চিকিৎসালয়ৰ পৰা এখন অত্যাধুনিক এম্বুলেন্স প্ৰেৰণ কৰা হয় । অৱশ্যে, চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈকে আনুষ্ঠানিকভাৱে এই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই ।