মেষ ৰাশি:সপ্তাহৰ আৰম্ভণিতে আপোনাৰ মনোযোগ আপোনাৰ সন্তান আৰু আপোনাৰ মনৰ ইচ্ছাৰ ওপৰত থাকিব ৷ এই সকলোবোৰ সম্পন্ন কৰিবলৈ আপুনি বহুত প্ৰয়াস কৰিব ৷ মানসিক চাপ আৰু স্বাস্থ্যজনিত সমস্যাই সপ্তাহৰ মাজভাগত অধিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ সপ্তাহৰ শেষৰ দিনকেইটাই আপোনাৰ বৈবাহিক জীৱনটো সুন্দৰ কৰি তুলিব আৰু আপুনি নিজৰ জীৱন সংগীৰ কাষ চাপিব, আনহাতে প্ৰেম সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত সপ্তাহটোৱে আপোনাক ৰোমান্টিক কৰাৰ লগতে সৃষ্টিশীলো কৰি ৰাখিব ৷ আপুনি আপোনাৰ সৃষ্টিশীলতা দেখুওৱাৰ সম্পূৰ্ণ সুযোগ পাব, যাৰ ফলত আপোনাৰ গাৰ্হস্থ্য জীৱনটো সুন্দৰ হৈ পৰিব ৷ চাকৰিয়াল লোকসকলে চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে, আনহাতে ব্যৱসায় কৰা লোকসকলক অতি সুখী যেন দেখা যাব আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আগবাঢ়ি যাবলৈ আগ্ৰহী হ’ব ৷ সপ্তাহৰ অন্তিম দিনটো ভ্ৰমণৰ বাবে শুভ হ’ব, আনহাতে শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, তেওঁলোকে পঢ়া-শুনা কৰি ভাল পাব আৰু কিছুমান নতুন বিষয় আয়ত্ত কৰিবলৈ চেষ্টা কৰিব ৷
বৃষ ৰাশি: ঘৰুৱা ব্যয়ৰ প্ৰতি আপুনি যথেষ্ট গুৰুত্ব দিব ৷ মাতৃৰ স্বাস্থ্যৰ উন্নতি হ’ব, যাৰ ফলত আপোনাৰ চেহেৰাত আনন্দ দেখা যাব ৷ ব্যৱসায়ত আপুনি সাংঘাতিক সাফল্য লাভ কৰিব ৷ আপুনি কিছু নতুন কামো কৰিব ৷ কিছু নতুন অংশীদাৰিত্ব গঢ়ি তুলিব পাৰে ৷ আপুনি কোনো নতুন কাম কৰিবলৈ চেষ্টা কৰিব পাৰে, যিটো আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ’ব ৷ মহিলাৰ পৰা বিশেষ সহায় লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায় উজ্জ্বলি উঠিব ৷ চাকৰিৰ ক্ষেত্ৰত নতুন পদ লাভৰ সম্ভাৱনা থাকিব যদিও শহুৰ-শাহুৰ সৈতে উত্তপ্ত তৰ্ক-বিতৰ্ক হ’ব পাৰে ৷ তাত কাৰোবাৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব আৰু আপুনি তেওঁলোকক লগ কৰিবলৈ যাব লাগিব ৷ শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ পৰা ভাল ফলাফল পাব আৰু আপোনাৰ কষ্ট সফল হ'ব ৷ বিবাহিত লোকসকলে দাম্পত্য জীৱনত যথেষ্ট ৰোমান্স উপভোগ কৰিব আৰু জীৱন সংগীৰ সৈতে মৰমেৰে কথা পাতিব, যাৰ ফলত আপোনালোকৰ সম্পৰ্ক সুখেৰে পূৰ্ণ হৈ উঠিব ৷
মিথুন ৰাশি: নতুন বৰ্ষৰ প্ৰথম সপ্তাহটোৱে আপোনালোকৰ বাবে কিছু ভাল ফলাফল কঢ়িয়াই আনিব ৷ আপুনি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব, কিয়নো বেছিকৈ খালে আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে ৷ পাৰিবাৰিক পৰিৱেশ ইতিবাচক হ’ব ৷ ব্যৱসায়ত সাফল্য লাভ কৰিব ৷ আপোনাৰ পেচাগত জীৱনেও আপোনালৈ সুখ কঢ়িয়াই আনিব, কিন্তু যদি আপুনি বিবাহিত, তেন্তে গাৰ্হস্থ্য জীৱনত মানসিক চাপ বৃদ্ধি হ’ব পাৰে ৷ জীৱন সংগীয়ে কিছু আগ্ৰাসী স্বভাৱ দেখুৱাব পাৰে ৷ তেওঁলোকৰ আচৰণৰ পৰিৱৰ্তন হ’ব আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱনতিও ঘটিব পাৰে, যি আপোনাক বিপদত পেলাব পাৰে ৷ এই সময়খিনি প্ৰেম সম্পৰ্কৰ বাবে শুভ হ'ব আৰু আপুনি আপোনাৰ প্ৰেমাস্পদৰ সৈতে নতুন বছৰটো কটাবলৈ ভাল পাব আৰু ইয়াত সুখ বিচাৰি পাব ৷ ভ্ৰমণ কৰিবলৈ সপ্তাহৰ আৰম্ভণিটোৱেই উত্তম ৷ শিক্ষাৰ্থীসকলে বন্ধৰ দিন উপভোগ কৰাৰ সুযোগ পাব ৷
কর্কট ৰাশি:আপোনাৰ উদ্যম ভাল হ’ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷ আয় বৃদ্ধিয়ে জীৱনলৈ সাফল্য কঢ়িয়াই আনিব ৷ স্বাস্থ্যৰ ক্ষেত্ৰত উত্থান-পতন আহিব পাৰে ৷ আপোনাৰ তীব্ৰ জ্বৰ বা ৰক্তচাপৰ সমস্যা হ’ব পাৰে ৷ এই সমস্যাটোক আওকাণ নকৰিব, কিয়নো ই কোনো ডাঙৰ ৰোগৰ ৰূপ ল’ব পাৰে ৷ আপুনি নিজৰ কামবোৰ অতি সুন্দৰকৈ সম্পন্ন কৰিব পাৰিব ৷ এই সপ্তাহটো ব্যৱসায়ৰ ক্ষেত্ৰত অলপ দুৰ্বল হ’ব, গতিকে সাৱধান হওক আৰু আপুনি নিজৰ কামৰ ক্ষেত্ৰত কি নতুন কৰিবলৈ ওলাইছে সেই কথা সকলোকে নক’ব ৷ বিবাহিত লোকসকলৰ গাৰ্হস্থ্য জীৱন ঠিকেই থাকিব ৷ আপুনি জীৱন সংগীৰ সহযোগিতা লাভ কৰিব, কিন্তু কোনো কথাত তেওঁৰ ওপৰত আপোনাৰ খং উঠিব পাৰে ৷ নিজৰ প্ৰেম সম্পৰ্কটো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ আপুনি প্ৰেমাস্পদৰ সৈতে ক’ৰবালৈ যাব পাৰে ৷ তেওঁৰ বাবে এটা ছাৰপ্ৰাইজৰ পৰিকল্পনাও কৰিব পাৰে ৷ সপ্তাহৰ অন্তিম দিনটোৰ বাহিৰে বাকী সময়খিনি ভ্ৰমণৰ বাবে অনুকূল হ’ব ৷ শিক্ষাৰ্থীসকলেও পঢ়া-শুনা উপভোগ কৰিব আৰু প্ৰতিযোগিতাত সাফল্য লাভ কৰিব পাৰিব ৷
সিংহ ৰাশি:আপোনাৰ মনলৈ যি আহে আপুনি সেয়াই কৰিব আৰু তাৰ পৰা আপুনি লাভান্বিতও হ’ব ৷ আপোনাৰ কঠিন পৰিশ্ৰমে ফল দিব আৰু কিছু আন্তৰিক ইচ্ছা পূৰণ হ’ব পাৰে ৷ চাকৰিয়াল লোকসকলেও নিজৰ কামত সাফল্যৰ জখলা বগাব ৷ ঘৰৰ পৰিবেশ অতি আনন্দপূৰ্ণ হ'ব আৰু পৰিয়ালত ঐক্য বজাই থাকিব ৷ বিবাহিতসকলে তেওঁলোকৰ পাৰিবাৰিক জীৱন উপভোগ কৰিব আৰু জীৱন সংগীৰ সৈতে তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব ৷ ভ্ৰমণৰ বাবে সপ্তাহটো শুভ হ’ব, আনহাতে শিক্ষাৰ্থীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব লাগিব, তথাপিও আপুনি পঢ়া-শুনাত মনোনিৱেশ কৰিব পাৰিব ৷ চাকৰিয়াল লোকসকলে এই সপ্তাহত যথেষ্ট কষ্ট কৰিব লাগিব, তেতিয়াহে ফলাফল আপোনাৰ অনুকূল হ’ব ৷ ব্যৱসায় কৰা লোকসকলৰ স্থিতি অতি ভাল হ’ব আৰু এই সপ্তাহটো আপোনাৰ বাবে অতি লাভজনক বুলি প্ৰমাণিত হ’ব পাৰে ৷ ভ্ৰমণৰ বাবে গোটেই সপ্তাহটো শুভ ৷
কন্যা ৰাশি:মাটি-বাৰী সংক্ৰান্তীয় বিষয়সমূহ আপোনাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব আৰু ইয়াৰ পৰা আপুনি লাভান্বিত হ’ব ৷ দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কোনো গুৰুত্বপূৰ্ণ কাম এই সময়ছোৱাত সম্পূৰ্ণ হ’ব ৷ চৰকাৰী খণ্ডৰ পৰাও লাভ প্ৰাপ্তিৰ সম্ভাৱনা থাকিব ৷ ঘৰ-মাটিৰ পৰা লাভান্বিত হ’ব ৷ সহকৰ্মীসকলৰ সৈতে ক’ৰবালৈ যোৱাৰ সুযোগো পাব পাৰে ৷ ব্যৱসায় কৰা লোকসকলে নিজৰ কঠিন পৰিশ্ৰম আৰু মস্তিষ্কৰ ক্ষমতা প্ৰমাণ কৰিব আৰু ভাল স্থিতিত থাকিব ৷ বিবাহিত লোকসকলৰ গাৰ্হস্থ্য জীৱন উপভোগ্য হ’ব আৰু ব্যক্তিগত জীৱনত আপুনি সন্তুষ্ট যেন লাগিব ৷ প্ৰেম সম্পৰ্কৰ বাবেও সময় শুভ হ’ব ৷ শিক্ষাৰ্থীসকলৰ কথা ক’বলৈ গ’লে, আপুনি যথেষ্ট কষ্ট কৰিছে ৷ এতিয়া কিছু সময় জিৰণি লওক আৰু আন কামত মনোনিৱেশ কৰক ৷ পঢ়া-শুনাৰ ক্ষেত্ৰত ভাল ফলাফল পাব ৷ সপ্তাহৰ আৰম্ভণিৰ বাহিৰে বাকী সময়খিনি ভ্ৰমণৰ বাবে শুভ হ’ব ৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব ৷