নেশ্যনেল ডেস্ক,৭ অক্টোবৰ :উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ হিমস্খলনৰ ঘটনা (Avalanche in Uttarakhand)। মঙলবাৰে পুৱা ৰাজ্যখনৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত সংঘটিত হিমস্খলনত এতিয়ালৈ ১৯ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (19 bodies recovered from Avalanche area)। জানিব পৰা মতে শুকুৰবাৰে হেলিকপ্টাৰৰ দ্বাৰা মৃতদেহবোৰ মাতলি হেলিপেডলৈ অনাৰ চেষ্টা কৰা হ'ব । এই হিমস্খলনৰ পাছতে মুঠ ৩০ টা উদ্ধাৰকাৰী দল সেই স্থানত মোতায়েন কৰা হৈছে । উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে এই কথা প্ৰকাশ কৰিছে ।
হিমস্খলনত মৃত্যু হোৱা ১৯ গৰাকী লোকৰ ভিতৰত দুগৰাকী প্ৰশিক্ষক আৰু বাকীসকল এটা পৰ্বতাৰোহী প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী বুলি জানিব পৰা গৈছে । উচ্চ হিমালয় অঞ্চলত প্ৰশিক্ষণৰ বাবে ওলাই যোৱা পৰ্বতাৰোহী প্ৰতিষ্ঠানটোৰ ৪৪ জনীয়া পৰ্বতাৰোহীৰ এটা দল মঙলবাৰে পুৱা দ্ৰৌপদীৰ দণ্ডা ২ পৰ্বত শৃংগৰ ওচৰত সংঘটিত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল । পৰ্বতাৰোহণ ইতিহাসৰ এয়া আটাইতকৈ দুখ লগা আৰু ভয়ংকৰ ঘটনা হিচাপে পৰিগণিত হৈছে ।