নেশ্যনেল ডেস্ক, ৩ এপ্ৰিল: উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সৎপাল মহাৰাজে নেপালৰ ৰাষ্ট্ৰদূত নীলম্বৰ আচাৰ্যক সাক্ষাৎ কৰে । নতুন দিল্লীৰ নেপাল দূতাবাসত সাক্ষাৎ কৰে দুয়োগৰাকী নেতাই । দুয়োখন দেশৰ মাজৰ সম্পৰ্ক মজবুত কৰাৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰে দুয়োগৰাকী নেতাই । ইয়াৰোপৰি, দুয়োগৰাকী নেতাই পাৰস্পৰিক সমন্বয়, সহযোগিতা আদিৰে আগবাঢ়ি যোৱা আৰু পঞ্চেশ্বৰ বান্ধৰ ওপৰতো আলোচনা কৰে । এই কথা মন্ত্ৰী সৎপাল মহাৰাজে টুইটাৰযোগে জনায় ।
সাক্ষাতকালত মহাৰাজে ভাৰত-নেপালৰ মুকলি সীমাই দুয়োখন দেশৰ জনসাধাৰণৰ যাতায়ত ব্যৱস্থা অতি সহজ কৰি তুলিছে বুলি কয় । লগতে দুয়োখন দেশৰ লোকৰ মাজত আন্তৰিক আৰু সুসম্পৰ্ক আছে বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।
বিজেপি নেতাগৰাকীয়ে লগতে কয় যে নেপাল ভাৰতৰ এক গুৰুত্বপূৰ্ণ বাণিজ্য অংশীদাৰ । বহু যুগৰে পৰা দুয়োখন দেশৰ মাজত ভৌগোলিক, ঐতিহাসিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ বাবে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছে । ইয়াৰোপৰি, দুয়োখন দেশে হিন্দু ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ ভেদাভেদ নাৰাখে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।