নেশ্যনেল ডেস্ক, 4 ডিচেম্বৰ:তেলেংগানাৰ মেদক জিলাত শোকাৱহ ঘটনা ৷ তেলেংগানাৰ মেডাকৰ ৰাভেলী উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনাটো ৷ প্ৰশিক্ষণৰত অৱস্থাত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ভাৰতীয় বায়ুসেনাৰ দুই পাইলটৰ থিতাতে মৃত্যু ঘটে । দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
বায়ুসেনাই জনোৱা মতে, হেলিকপ্টাৰখনে হায়দৰাবাদৰ বায়ুসেনা একাডেমীৰ পৰা নিয়মীয়া প্ৰশিক্ষণৰ বাবে উৰা মৰাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত ভিতৰত এজন প্ৰশিক্ষক আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল আৰু দুয়োগৰাকীৰে মৃত্যু ঘটিছে ।
জানিব পৰা মতে, সোমবাৰ অৰ্থাৎ 4 ডিচেম্বৰৰ পুৱা প্ৰায় 8.30 বজাত হায়দৰাবাদৰ পৰা উৰা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় । তীব্ৰ শব্দ শুনি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে । দুৰ্ঘটনাটোৰ পিচতে হেলিকপ্টাৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷