আগৰতলা,২৯ এপ্ৰিল :চাহ বাগিচাবোৰৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে গুৰুত্ব আৰোপ কৰিছে ত্ৰিপুৰা চৰকাৰে । ত্ৰিপুৰা চাহ উন্নয়ন নিগমে ইতিমধ্যে উত্তৰ-পূব পৰিষদক এই ক্ষেত্ৰত প্ৰস্তাৱ প্ৰেৰণ কৰিছে (TTDC proposes to NEC to modernize tea gardens)। জানিব পৰা মতে ত্ৰিপুৰা চাহ উন্নয়ন নিগমৰ এক প্ৰস্তাৱত সঁহাৰি জনাইছে উত্তৰ-পূৱ পৰিষদে ।
উত্তৰ-পূব পৰিষদে ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ব্ৰহ্মকুণ্ডা চাহ বাগিচাৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে (Special grant for modernization of Brahmakunda Tea Garden) । উল্লেখ্য যে চাহ উন্নয়ন নিগমে তিনিটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল । সেইকেইটা হৈছে ব্ৰহ্মকুণ্ডা, দুৰ্গাবাৰী চাহ বাগিচাৰ আধুনিকীকৰণ আৰু দুৰ্গাবাৰী চাহ বাগিচাত এটা চাহ সংগ্ৰহালয় স্থাপন কৰা ।
চাহ উন্নয়ন নিগমৰ অধ্যক্ষ সন্তোষ সাহাই কয় যে সেই প্ৰস্তাৱকেইটা কেইমাহমান পূৰ্বে উত্তৰ-পূৱ পৰিষদলৈ (NEC) প্ৰেৰণ কৰা হৈছিল । NEC য়ে ব্ৰহ্মকুণ্ডা চাহ বাগানৰ আধুনিকীকৰণৰ বাবে ২.৩০ কোটি টকা মঞ্জুৰ কৰিছে । তেওঁ আশা কৰা মতে NECয়ে শীঘ্ৰেই দুৰ্গাবাৰী চাহ বাগিচাৰ বিকাশৰ বাবে বাকী ধন মঞ্জুৰ কৰিব আৰু এটা চাহ সংগ্ৰহালয় স্থাপন কৰিব ।