নিউজ ডেস্ক, ১ জুলাই :২০১৯ চনত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপকে আৱিষ্কাৰ কৰা (portable suitcase water purifier) 'প'ৰ্টেবল চুটকেচ ৱাটাৰ পিউৰিফায়াৰ' (Assistant professor of Tripura University developed water purifire)ৰ দ্বাৰা অসমৰ শিলচৰত বানপীড়িতসকলক প্ৰায় ২৫০ লিটাৰৰো অধিক খোৱাপানী প্ৰদান যোগান ধৰা হৈছে (deliver 250+ Litre drinking water to flood victims Silchar) ।
আজি ইটিভি ভাৰতৰ (ETV Bharat) সৈতে হোৱা এক বাৰ্তালাপত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ৰাসায়নিক আৰু পলিমাৰ অভিযান্ত্ৰিক বিভাগৰ (Department of Chemical and Polymer Engineering Tripura University) সহকাৰী অধ্যাপক এৰ হৰজিৎ নাথে (Er. Harjit Nath) কয় যে তেওঁলোকে ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰ,অধ্যাপকসকলৰ পৰা স্বেচ্ছাই সাহাৰ্য সামগ্ৰী সংগ্ৰহ কৰি বৃহস্পতিবাৰে শিলচৰলৈ যায় । "ছাত্ৰ-ছাত্ৰী, অধ্যাপক আৰু ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য (Vice Chancellor of Tripura University) সমন্বিতে সকলোৱা আগবাঢ়ি আহি শিলচৰৰ বানপীড়িত লোকসকলৰ (Flood affected people in Silchar of Assam) বাবে যিমানদূৰ সম্ভৱ ধন, কাপোৰ, খাদ্য আদি স্বেচ্ছাই দান কৰে । আমি বৃহস্পতিবাৰে গৈ ভুক্তভোগীসকলৰ মাজত সেইবোৰ বিতৰণ কৰোঁ ।" তেওঁ কয় ।
অধ্যাপক নাথে লগতে কয় যে সাহাৰ্য সামগ্ৰী বিতৰণৰ সময়ত তেওঁলোকে প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰা নাছিল । "আমি প্লাষ্টিকৰ পানীৰ বটল ব্যৱহাৰ কৰা নাছিলোঁ । আমি 'প'ৰ্টেবল চুটকেচ ৱাটাৰ পিউৰিফায়াৰ' ব্যৱহাৰ কৰি পানী বিতৰণ কৰোঁ । ই বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডৰ বিশুদ্ধ পানী প্ৰদান কৰিব পাৰে (WHO-standard pure water) । ডিভাইচটোৱে বিদ্যুৎ আৰু সৌৰশক্তি দুয়োটাতে কাম কৰিব পাৰে । যদি দুয়োটায়ে উপলব্ধ নহয় তেতিয়াহ'লে ৰিচাৰ্জেবল বেটাৰী ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰিব পাৰে । ই আনকি ইয়াৰ ৫ ডব্লিউ এল ইডি বাল্বৰ দ্বাৰা এটা সৰু এলেকা পোহৰ কৰিব পাৰে । এই সামগ্ৰীটো বিভিন্ন সমস্যাৰ বাবে এক থাউকতে পোৱা সমাধান । আনকি মানুহে তেওঁলোকৰ মোবাইল ফোনো চাৰ্জ কৰিব পাৰে ।" অধ্যাপকজনে লগতে কয় ।