অসম

assam

ETV Bharat / bharat

TMC stages dharna : ত্ৰিপুৰাত দলীয় কৰ্মীক আক্ৰমণ কৰাক লৈ সৰৱ সুস্মিতা দেৱ - তৃণমূল কংগ্ৰেছ

ত্ৰিপুৰাত দলৰ প্ৰাৰ্থীক আক্ৰমণ কৰাৰ বাবে টিএমচিয়ে আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদান কৰে ৷ এই প্ৰতিবাদত অংশ লৈ কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সাংসদ সুস্মিতা দেৱে ৷

tmc-stages-dharna-in-front-of-police-headquarters-for-attacking-party-candidates-in-tripura
TMC stages dharna : ত্ৰিপুৰাত দলীয় কৰ্মীক আক্ৰমণ কৰাক লৈ সৰৱ সুস্মিতা দেৱ

By

Published : Nov 11, 2021, 8:37 PM IST

আগৰতালা, 11 নবেম্বৰ : বৃহস্পতিবাৰে আগৰতলাত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰদান কৰে ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছে ৷ অনাগত ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া নগৰ সমিটিৰ নিৰ্বাচনৰ পূৰ্বে টিএমচি প্ৰাৰ্থীসকলক আক্ৰমণ কৰা বুলি বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাংবাদিকৰ সৈতে মত বিনিময় কৰি টিএমচিৰ জ্যেষ্ঠ নেতা তথা সাংসদ সুস্মিতা দেৱে দাবী কৰে যে, ইমান বোৰ প্ৰমাণ থকা স্বত্বেও ত্ৰিপুৰা আৰক্ষীয়ে আক্ৰমণকাৰী বিজেপিৰ সমৰ্থক সকলক গ্ৰেপ্তাৰ কৰা নাই ।

"আমি একাধিক এজাহাৰ দাখিল কৰিছো । তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে আমাৰ ওচৰত প্ৰতিটো প্ৰমাণ আছে । ত্ৰিপুৰা আৰক্ষীয়ে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ? গ্ৰেপ্তাৰ নোহোৱাৰ কাৰণ কি ? আমি জানিব বিচাৰো কোনে আৰক্ষীৰ হাত বান্ধি ৰাখিছে ।'' সুস্মিতাই পুনৰ কয়, '' তৃণমূল কংগ্ৰেছে মানুহৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই কাৰণেই বিজেপিৰ দুৰ্বৃত্তই টিএমচিৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰিছে । কিন্তু আমি ঘূৰি নাযাও ৷" তেওঁ দাবী কৰিছিল যে, গণতন্ত্ৰৰ সুৰক্ষা নকৰি আৰক্ষীয়ে বিজেপিক সুৰক্ষা দিবলৈ কাম কৰি আছে ।

তেওঁ লগতে দাবী কৰিছিল যে চিচিটিভি ফুটেজ আৰু বিজেপিৰ আক্ৰমণকাৰীৰ নাম দাখিল কৰা স্বত্বেও আৰক্ষীয়ে এতিয়াও ব্যৱস্থা গ্ৰহণ কৰা নাই । যিসকলে সকলোৱে টিএমচিৰ প্ৰাৰ্থীসকলক আক্ৰমণ কৰি আছে সেই সকলৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ ওচৰত সকলো প্ৰমাণ আছে । সুস্মিতাই কয় যে, উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হ'ব আৰু ডিজিপিয়ে তেওঁৰ উত্তৰ দিব লাগিব যে তেওঁ কিয় অপৰাধীসকলক গ্ৰেপ্তাৰ কৰা নাই ।

লগতে পঢ়ক :IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

ABOUT THE AUTHOR

...view details