নিউজ ডেস্ক, ৭ ডিচেম্বৰ :তেলেংগানাৰ প্ৰথমগৰাকী কংগ্ৰেছী মুখ্যমন্ত্ৰী হিচাপে বৃহস্পতিবাৰে শপত গ্ৰহণ কৰে ৰেৱন্ত ৰেড্ডীয়ে । উল্লেখ্য যে ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰাৰ পিছত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰেৱন্ত ৰেড্ডীয়ে তেলেংগানাৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে ৰেৱন্ত ৰেড্ডীক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।
আনহাতে, মাধিৰাৰ বিধায়ক ভাট্টি বিক্ৰমাৰ্কাই তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মাধিৰা আসনত বিআৰএছ প্ৰাৰ্থী কমল ৰাজু লিংগালাক ৩৫,৪৫২ টা ভোটৰ ব্যৱধানত পৰাজিত কৰা বিক্ৰমাৰ্কাক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ কৰা পদযাত্ৰাৰ বাবে কংগ্ৰেছৰ পুনৰুত্থানত সহায়ক হোৱা বুলি বহুতে কৃতিত্ব দিব খোজে ।
তেলেংগানাৰ প্ৰথম কংগ্ৰেছ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বিধায়কসকলৰ ভিতৰত এন উত্তম কুমাৰ ৰেড্ডী, চি দামোদৰ ৰাজনাৰসিংহ, কোমাটিৰেড্ডী ভেংকট ৰেড্ডী অন্যতম ।
ইয়াৰ পূৰ্বে ৰেৱন্তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ছোনিয়া গান্ধীৰ সৈতে বৃহস্পতিবাৰে ৰাজধানী হায়দৰাবাদত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'বলৈ দুপৰীয়া প্ৰায় ১ বজাত লালবাহাদুৰ শাস্ত্ৰী ষ্টেডিয়ামত উপস্থিত হয় । উল্লেখ্য যে ৰেড্ডীৰ সৈতে ১২ গৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ।