নেশ্যনেল ডেস্ক,২৬ মে' :বৃহস্পতিবাৰে হায়দৰাবাদলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi visits Hyderabad)। কিন্তু প্ৰধানমন্ত্ৰী মোডী চহৰখনত উপস্থিত হোৱাৰ কেইঘণ্টামান পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাৱে ত্যাগ কৰিলে হায়দৰাবাদ (Telangana CM quits state before PM arrival)। হায়দৰাবাদৰ পৰা বেংগালুৰু অভিমুখে ৰাওনা হ'ল মুখ্যমন্ত্ৰীগৰাকী । প্ৰধানমন্ত্ৰীক অভিবাদন জনোৱাৰ পৰিৱৰ্তে এনেদৰে ৰাজ্য এৰি আন ঠাইলৈ যোৱাক লৈ এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় আঢ়ৈ ঘণ্টীয়া কাৰ্যসূচীৰে হায়দৰাবাদলৈ আহিব । হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ (ISB)ত ২০ তম বাৰ্ষিক উদযাপনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । তেওঁৰ আগমনৰ প্ৰাকমুহূৰ্তত বেগমপেট বিমানবন্দৰৰ পৰা বিশেষ বিমানযোগে কৰ্ণাটকৰ ৰাজধানীলৈ ৰাওনা হয় তেলেংগনাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাও (Telangana CM flew out of Hyderabad to Bangalore)। ইয়াকে লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে ।
বিশেষকৈ তেলেংগনা বিজেপিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে । কিয়নো ইয়াৰ পূৰ্বে ৫ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰাজ্যখনলৈ অহাৰ সময়তো প্ৰধানমন্ত্ৰীক আদৰণি জনোৱা নাছিল মুখ্যমন্ত্ৰী ৰাৱে । সেই সময়তো প্ৰধানমন্ত্ৰীক অপমান কৰাৰ অভিযোগ কৰিছিল বিজেপিয়ে ।