নিউজ ডেস্ক, ২৭ নৱেম্বৰ : চেন্নাইৰ প্ৰেছিডেন্সী কলেজত উন্নোচিত হ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিপি সিঙৰ পূৰ্ণাৱয়ৱ মূৰ্তি । তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে সোমবাৰে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এই পূৰ্ণাৱয়ৱ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে । মহাবিদ্যালয় চৌহদত স্থাপন কৰা এই প্ৰতিমূৰ্তিটো ভিপি সিঙৰ প্ৰভাৱশালী ৰাজনীতিৰ উত্তৰাধিকাৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে উছৰ্গা কৰা হৈছে ।
এই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে সমাজবাদী পাৰ্টীৰ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ লগতে ভিপি সিঙৰ পৰিয়ালৰ সদস্যসকলো । তেওঁলোকৰ উপস্থিতিত ষ্টেলিনে প্ৰতিমূৰ্তিটো উন্মোচন কৰে । আনহাতে, তাত উপস্থিত থকা নেতাসকলে প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সশ্ৰদ্ধ সোঁৱৰণেৰে তেওঁৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখ্য যে বিগত এপ্ৰিলত মাহত তামিলনাডুৰ মুখ্যমন্ত্ৰী এমকে ষ্টেলিনে ভিপি সিঙৰ সন্মানত তামিলনাডু চৰকাৰৰ দ্বাৰা প্ৰতিমূৰ্তিটো স্থাপনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । বি পি মণ্ডল আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ভিপি সিঙৰ গুৰুত্বপূৰ্ণ অৱদানৰ এক স্বীকৃতি হৈছে এই পদক্ষেপ ।