অসম

assam

শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ ৯ ভাৰতীয় মাছমৰীয়া

By

Published : Jan 10, 2021, 3:11 PM IST

শ্ৰীলংকাৰ পানীত মাছ ধৰাৰ অপৰাধত শনিবাৰে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰে ৯জনকৈ ভাৰতীয় মাছমৰীয়াক । লগতে জব্দ কৰে IND-TN-10-MM-296 নম্বৰৰ নাওখন ।

শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ ৯ ভাৰতীয় মাছমৰীয়া
শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ ৯ ভাৰতীয় মাছমৰীয়া

নিউজ ডেস্ক , ১০ জানুৱাৰী :পুনৰ শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ ভাৰতীয় মাছমৰীয়া । শ্ৰীলংকাৰ পানীত মাছ ধৰাৰ অপৰাধত শনিবাৰে শ্ৰীলংকাৰ নৌসেনাই গ্ৰেপ্তাৰ কৰে ৯জনকৈ ভাৰতীয় মাছমৰীয়াক ।

মৎস্য় পালন বিভাগে জনোৱা মতে নেডুনথিউ অঞ্চলত শনিবাৰে এখন নাওসহ মাছমৰীয়া কেইটাক গ্ৰেপ্তাৰ কৰে শ্ৰীলংকাৰ নৌসেনাই । IND-TN-10-MM-296 নম্বৰৰ নাওখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা লোক কেইজন ক্ৰমে গ্ৰেচ, ভালন কৌশিক, মিকাচ, কিংষ্টন, চেম স্টিলাৰ, নিজান, ব্ৰাইটন, কিশোক আৰু মাৰি ।

শনিবাৰে কত্বচাঠেবুত অঞ্চলটো ২০ খন মাছমৰীয়াৰ নাৱত থকা জাল ফালি-চিৰি পেলাই লংকাৰ নৌসেনাই । লগতে ভাৰতীয় মাছমৰীয়াৰ গালৈ শিল আৰু কাচৰ বটলো নিক্ষেপ কৰে শ্ৰীলংকাৰ নৌসেনাই।

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ এই দুই ঘটনাৰ পিছতে তেওঁলোকৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ভাৰতৰ মাছমৰীয়া সন্থাৰ সেজুৰাজাই নামৰ এজন বিষয়াই ।

লগতে পঢ়ক :দেশবাসীলৈ 'সাগৰ অন্বেষিকা' উৎসৰ্গা হৰ্ষবৰ্ধনৰ

ABOUT THE AUTHOR

...view details