অসম

assam

ETV Bharat / bharat

Jharkhand news: ষাঁড়ক বচাবলৈ গৈ মৃত্যুক সাৱটি ল’লে পাঁচজনে

ৰাঁচীৰ মুৰীত সংঘটিত হৈছে এক ডাঙৰ দুৰ্ঘটনা । কুঁৱাৰ মাটি খহি পৰাৰ বাবে মাটিত সাতজন লোক সোমাই যায়, যাৰ ভিতৰত ইতিমধ্যে পাঁচজনৰ মৃত্যু হৈছে । সেই সময়ত সকলোৱে কুঁৱা এটাত পৰা এটা ষাঁড় উদ্ধাৰ কৰি আছিল ।

By

Published : Aug 17, 2023, 10:58 PM IST

Jharkhand news
দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 17 আগষ্ট : ৰাজধানীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ নিলগৰ চিলিত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা । মুৰি অ’ পি অঞ্চলৰ পিস্কা গাঁৱত কুঁৱা ভাঙি পৰাৰ ফলত ৭ জন লোক সমাধিস্থ হয়, ইয়াৰে ৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । তথ্য অনুসৰি কুঁৱাটোত এটা জন্তু পৰি গৈছিল । সেই জন্তুটো কুঁৱাৰ পৰা উলিয়াবলৈ চাৰিজন মানুহে কুঁৱাটোৰ ভিতৰলৈ প্ৰৱেশ কৰে । বাকী কেইজনে অন্য ধৰণে জন্তুটোক কুঁৱাৰ পৰা উলিয়াই আনিবলৈ চেষ্টা কৰি আছিল । হঠাতে চাৰিওফালৰ মাটি খহি পৰিল । সাতজন লোক বোকাত সোমাই গ’ল । ইয়াৰে দুজন লোকক নিৰাপদে বাহিৰলৈ উলিয়াই অনাৰ বিপৰীতে ৫ জন লোকৰ মৃত্যু হৈছে । স্থানীয় বিধায়ক তথা আজেছুৰ মুৰব্বী সুদেশ মহতো আৰক্ষী বিষয়াৰ সৈতে উক্ত স্থানত উপস্থিত হৈছে ।

চিলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আকাশ দীপে কৈছিল যে মাটিত সাতজন লোক সোমাই গৈছিল, যাৰ ভিতৰত দুজন লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছিল ৷ কিন্তু পাঁচজন লোকৰ মৃত্যু হৈছে । বৰ্তমান, এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বাকীকেইটা উলিয়াবলৈ চেষ্টা কৰি থকা হৈছে । চল্লিশ ফুট তলৰ মাটিত আটাইকেইটা সোমাই আছে, সেয়েহে উলিয়াওতে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । কুঁৱা খনন কৰিবলৈ আৰু মৃতদেহবোৰ আঁতৰাবলৈ এটা যন্ত্ৰৰ ব্যৱহাৰ কৰা হৈছে ৷

ইয়াৰ পূৰ্বে, ৰাঁচী মহানগৰৰ এছ পি শুম্ভাশু জৈনে ইটিভি ভাৰতক কৈছিল যে ঘটনাটো চিলিৰ ওচৰৰ মুৰিত সংঘটিত হৈছিল ৷ সাতৰ পৰা আঠজন লোক তাত আৱদ্ধ হৈ আছে বুলি কোৱা হৈছে । এন ডি আৰ এফ দলটোক অৱগত কৰা হৈছে । দলটো ততাতৈয়াকৈ ঘটনাস্থলীলৈ যায় । চিলি বিধানসভা সমষ্টিৰ এজেএছইউ ৰ বিধায়ক সুদেশ মাহটোক ইটিভি ভাৰত দলে ফোনযোগে যোগাযোগ কৰিছিল । তেওঁ ঘটনাস্থলীলৈ গৈ আছে বুলি জানিব পৰা গৈছে । তেওঁ জনাই যে তেওঁ আজি দুমৰীত এখন নিৰ্বাচনী সভাত আছিল । তাৰ মাজতে তেওঁ এই দুৰ্ঘটনাৰ বিষয়ে জ্ঞাত হয় । তেওঁ কয় যে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিচতহে ক্ষতিৰ পৰিমাণ সম্পৰ্কে কিবা ক'ব পৰা যাব ।

প্ৰাপ্ত তথ্য অনুসৰি, গাওঁখনৰ কুঁৱাটোত এটা ষাঁড় পৰি গৈছিল । ইয়াক উদ্ধাৰৰ প্ৰক্ৰিয়া চলি আছিল । ষাঁড়টোক উদ্ধাৰ কৰিবলৈ, 4 জন লোক কুঁৱাটোত সোমাই পৰিছিল আৰু বাকী গাওঁবাসীয়ে ৰচীৰে ষাঁড়টো কঁহুৱাটোৰ ওপৰৰ পৰা টানি নিবলৈ কাম কৰি আছিল । তাৰ পিচত হঠাতে গোটেই কুঁৱাটোৰ মাটি খহি পৰে । কুঁৱাটোত সোমাই যোৱা চাৰিজন লোকৰ উপৰিও আন তিনিজন লোকো কুঁৱাৰ ভিতৰৰ মাটিত সোমাই যায় ।

লগতে পঢ়ক :IndiGo pilot dies:পাইলটৰ অস্বাভাৱিক মৃত্যুত হতবাক এয়াৰলাইনছৰ কৰ্তৃপক্ষ

ABOUT THE AUTHOR

...view details