নেশ্য়নেল ডেস্ক, ২৩ এপ্ৰিল:যোৱা ১৫ এপ্ৰিলত প্ৰয়াগৰাজত গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফ আহমেদক গুলীয়াই হত্যা কৰা হৈছিল (Prayagraj Atiq and Ashraf murder case)। ইয়াৰ পিচতেই আৰক্ষীয়ে এই হত্যাকাণ্ডটোত জড়িত তিনি শ্বুটাৰক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি উক্ত গোচৰটোৰ তিনিওজন অভিযুক্ত আৰক্ষীৰ জিম্মাত আছে ।
ইফালে, সন্ত্ৰাসবাদী সংগঠন আল কায়দাই শুকুৰবাৰে এখন সাত পৃষ্ঠাৰ পত্ৰ প্ৰকাশ কৰি আতিক আৰু আশ্ৰাফৰ হত্যাৰ প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰে । ইয়াৰ পিচতেই আৰক্ষীয়ে নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি ইয়াৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে । আনহাতে, এই ভাবুকিৰ পিচতেই তিনিওজন হত্যাত অভিযুক্ত অৰুণ মৌৰ্য, ছানী আৰু লাভলেশ তিৱাৰীৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । ইয়াৰ উপৰি প্ৰতাপগড় কাৰাগাৰত নিৰাপত্তা ব্যৱস্থা কৰা কটকটীয়া কৰা হৈছে ।
উল্লেখ্য় যে এই হত্যাকাণ্ডত জড়িত তিনিওজন শ্বুটাৰক আদালতে চাৰি দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল (Security arrangements for Atiq Ashraf shooters )। এই জিম্মাৰ সময় দেওবাৰে আবেলি ৫ বজাত সমাপ্ত হ'ব । সূত্ৰ অনুসৰি, তিনিওজন অভিযুক্তৰ বাবে জিলা কাৰাগাৰ প্ৰতাপগড়ত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । এছটিএফৰ তত্বাৱধানত নিৰাপত্তা বেষ্টনী অধিক শক্তিশালী কৰা হৈছে ।