অসম

assam

2000 notes exchange : কেনেকৈ সলনি কৰিব ২০০০ টকীয়া নোট ?

By

Published : May 23, 2023, 12:03 PM IST

সমগ্ৰ দেশতে আৰম্ভ হৈছে দুই হাজাৰ টকীয়া নোটৰ সলনিৰ প্ৰক্ৰিয়া (2000 notes exchange process)। বেংকৰ শাখাত সহজে সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট । কিন্তু এই ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে নোট সলনিৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে ।

2000 notes exchange
কেনেকৈ সলনি কৰিব ২০০০ টকীয়া নোট

নেশ্যনেল ডেস্ক,২৩ মে':আজিৰে পৰা সমগ্ৰ দেশতে ২,০০০ টকীয়া নোট সলনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে (2000 notes exchange process starts)। নোট সলনি কৰাৰ সময়সীমা হৈছে ৩০ ছেপ্টেম্বৰ । সেয়েহে জনসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই । এগৰাকী গ্ৰাহকে কোনো নথি-পত্ৰ অবিহনে সহজেই দুই হাজাৰ টকীয়া নোট সলনি কৰিব পাৰিব । ভাৰতীয় ৰিজাৰ্ভ বেংকে এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা জাৰি কৰিছে । পিছে সেই নিৰ্দেশনাসমূহ কি কি চাও আহক ।

সময় সীমা নিৰ্ধাৰণ : কেন্দ্ৰীয় বেংকে ২০০০ টকীয়া নোট সলনি কৰাৰ সময়সীমা নিৰ্ধাৰণ কৰিছে (2000 notes exchange limit date)। যিকোনো নাগৰিকে এই নোটবোৰ ২৩ মে' অৰ্থাৎ আজিৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সলনি কৰিব পাৰিব । ইয়াৰ বাবে, প্ৰতিগৰাকী গ্ৰাহকে বেংক শাখালৈ যাব পাৰে আৰু দুই হাজাৰ টকীয়া নোট জমা কৰিব পাৰে আৰু তাৰ সলনি আন নোট লাভ কৰিব পাৰিব ।

সীমা হৈছে ২০ হাজাৰ টকা : ভাৰতীয় ৰিজাৰ্ভ বেংকে দুই হাজাৰ টকীয়া নোট সলনি সন্দৰ্ভত স্পষ্ট নিৰ্দেশনা দিছে । এগৰাকী ব্যক্তিয়ে মাত্ৰ ১০ খন নোট সলনি কৰিব পাৰিব অৰ্থাৎ একে সময়তে সৰ্বাধিক ২০ হাজাৰ টকাহে সলনি কৰিব পাৰিব (2000 notes exchange limit)। যদি কোনো লোকৰ হাতত ২০,০০০ টকাৰ অধিক ২,০০০ টকীয়া নোট থাকে, তেন্তে তেওঁলোকে দুবাৰ বা অধিকবাৰ বেংক শাখালৈ নোট সলনি কৰিবলৈ যাব লাগিব ।

আপুনি কিমান বাৰ নোট সলনি কৰিব পাৰিব :নোট সলনিৰ সীমা সম্পৰ্কে এতিয়ালৈকে কোনো স্পষ্ট নিৰ্দেশনা জাৰী কৰা হোৱা নাই । এজন ব্যক্তিয়ে নোট কেইবাবাৰো সলনি কৰিব পাৰিব । আৰবিআইৰ দ্বাৰা ইয়াক নিষিদ্ধ কৰা হোৱা নাই (2000 notes exchange rules)। এইটো ইতিমধ্যে স্পষ্ট কৰা হৈছে যে মাত্ৰ ১০ খন নোট এসময়ত সলনি কৰিব পাৰিব । এনে পৰিস্থিতিত, যদি এজন ব্যক্তিৰ মুঠ ৫০ হাজাৰ টকাৰ দুই হাজাৰ টকীয়া থাকে, তেন্তে তেওঁ ৩ বাৰ বেংকলৈ যাব লাগিব ।

প্ৰপত্ৰ পূৰণৰ কোনো প্ৰয়োজন নাই : একে সময়তে, নোট সলনি কৰিবলৈ গ্ৰাহকে কোনো প্ৰ-পত্ৰ পূৰণ কৰিব নালাগে (2000 notes exchange form)। যিকোনো নাগৰিকে তেওঁৰ বেংক শাখালৈ যাব পাৰে আৰু বেংক কৰ্মচাৰীসকলক নোট সলনি কৰিবলৈ অনুৰোধ কৰিব পাৰে । ইয়াৰ বাবে জমা বা নোট সলনিৰ প্ৰ-পত্ৰ পূৰণ কৰাৰ কোনো প্ৰয়োজন নাই । নোটখন জমা কৰিবলৈ পৰিচয় পত্ৰ বা কোনো নথিপত্ৰৰ প্ৰয়োজন নাই ।

বেংক একাউণ্টৰ কেৱাইচি প্ৰয়োজন : নোট সলনি কৰিবলৈ, গ্ৰাহকৰ একাউণ্টৰ কেৱাইচি থাকিব লাগিব (Bank KYC important for 2000 notes exchange)। ই বাধ্যতামূলক । সাধাৰণ গ্ৰাহকৰ বাবে বেংক একাউণ্ট কেৱাইচি থকাটোও প্ৰয়োজনীয় ।

লগতে পঢ়ক :2000 notes exchange : ২০০০ টকীয়া নোট সলনিক লৈ আদালতত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন

ABOUT THE AUTHOR

...view details