নিউজ ডেস্ক , ১৯ জানুৱাৰী : কেৰালাৰ সোণৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি কৰিলে অতিৰিক্ত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে । মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰ, শ্বপ্ন সুৰেশ, সৰিথ পিএচ, সণ্ডীপ নায়াৰ, ৰামিছ কে.টি , জলাল আৰু মহম্মদ শ্বাফীৰ সীমা শুল্ক বিভাগৰ জিম্মা ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে আদালতে । ইফালে শ্বপ্ন সুৰেশ আৰু সৰিথ পিএচৰ ডলাৰ চিণ্ডিকেট ঘটনাৰ জিম্মাও ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে আদালতে ।
কেৰালাৰ সোণৰ চিণ্ডিকেটত জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি
সীমা শুল্ক বিভাগৰ জিম্মাত থকা কেৰালাৰ সোণৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত অভিযুক্তৰ জিম্মা পুনৰ ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে অতিৰিক্ত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে ।
কেৰালাৰ সোণৰ চিণ্ডিকেটত জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি
উল্লখ যে কেৰালাৰ ৰাজনৈতিক হস্তক্ষেপত সোণৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এনফ'ৰ্ছমেণ্ট ডিৰেক্ট'ৰেট, এন আই এ আৰু সীমা শুল্ক বিভাগ আটাইকেইটা সংস্থাই তদন্ত অব্য়াহত ৰাখিছে ।