নিউজ ডেস্ক, 25 অক্টোবৰ : জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ সৈতে বাৰ্তালাপত মিলিত কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ এই বাৰ্তালাপৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে ৷ ইয়াত সত্যপাল মালিকে ৰাহুল গান্ধীৰ সৈতে পুলৱামা আক্ৰমণ, আদানী বিষয়, কৃষক আন্দোলন আৰু অগ্নিবীৰ আদি গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছে ৷ ৰাহুল গান্ধীয়েও মণিপুৰ বিষয়ত চৰকাৰৰ মনোভাৱ সন্দৰ্ভত কথা পাতিছিল ৷
উল্লেখ্য যে পুলৱামা আক্ৰমণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ইতিমধ্যে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে ৷ বিভিন্ন মঞ্চৰ পৰা চৰকাৰক ঘেৰাও কৰিবলৈ চেষ্টা কৰিছিল তেওঁ ৷ এই বিষয়সমূহ সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুলেও এতিয়া তেওঁৰ সৈতে কথা পাতিছে ৷ কোৱা হৈছে যে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2023 আৰু লোকসভা নিৰ্বাচন 2024ৰ পৰিপ্ৰেক্ষিতত এই বিষয়সমূহ পুনৰ জ্বলোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে ৷
পুলৱামাত শ্বহীদ হোৱা জোৱান সকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বৃহৎ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে ৷ তেওঁ পোনপটীয়াকৈ আক্ৰমণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহক ৷ অভিযোগ উত্থাপন কৰি তেওঁ কৈছিল যে বিষয়টোৰ তদন্ত হোৱা নাই ৷ তদন্ত হোৱা হ’লে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিলেহেঁতেন ৷ বহু বিষয়া জেলত থাকিলহেঁতেন ৷ পুলৱামা আক্ৰমণত শ্বহীদ হৈছিল 40 জন জোৱান ৷
মালিকে কয় যে এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ জম্মু-কাশ্মীৰৰ ৰাজ্যপাল আছিল ৷ তেওঁ কয়, ‘যেতিয়াই চি আৰ পি এফ জোৱানৰ চলাচল হৈছিল তেতিয়াই তেওঁলোকে আমাক জনোৱাৰ পৰিৱৰ্তে গৃহ মন্ত্ৰালয়ক জনাইছিল ৷’ সত্যপাল মালিকে অভিযোগ কৰে যে পুলৱামা বিষয়ত তেওঁক মুখ বন্ধ কৰি ৰাখিবলৈ কোৱা হৈছিল ৷ শাসকীয় দলে তদন্ত সম্পন্ন কৰা নাছিল ৷ সত্যপাল মালিকে জোৱানৰ মৃতদেহক লৈ নিৰ্বাচনত যুঁজ দিয়া বুলিও অভিযোগ উত্থাপন কৰে তেওঁ ৷
লগতে পঢ়ক :Amritpal Singh: কাৰাৰুদ্ধ অমৃতপাল সিঙৰ পিতৃক বিদেশ যাত্ৰাত বাধা