নিউজ ডেস্ক, ৩১ মে' :কংগ্ৰেছ নেতা ৰাহুল গান্ধী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত আছে (Rahul Gandhi USA visit) । আমেৰিকাত তেওঁ কেলিফ'ৰ্ণিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে (Rahul Gandhi speech at California University) । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে ভাষণ প্ৰদান কৰি থকা অৱস্থাতে কিছু লোকে খালিস্তানৰ সমৰ্থনত শ্লোগান দিয়ে । কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ কোনো প্ৰত্যুত্তৰ নিদিয়াৰ অভিযোগ উঠিছে । ইয়াৰ বিপৰীতে ৰাহুল গান্ধীয়ে হাঁহি হাঁহি কয় যে ঘৃণাৰ বজাৰতো প্ৰেমৰ দোকান আছে ।
ৰাহুল গান্ধীৰ এই ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈ আছে । লগতে ভিডিঅ'টো প্ৰকাশ হোৱাৰ পিচতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ (BJP slams Rahul Gandhi on pro khalistani slogan) । কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য হিচাবে লৈ বিজেপিৰ আইটি চেলৰ সভাপতি অমিত মালব্যই কয় যে ১৯৮৪ চনত কংগ্ৰেছ দলে যি ঘৃণাৰ জুই জ্বলাইছিল, সেয়া এতিয়াও নিৰ্বাপিত হোৱা নাই । তেওঁ লগতে ৰাহুল গান্ধীৰ ভাষণৰ এটা অংশও টুইট কৰে (pro khalistani slogan at Rahul Gandhi meeting) ।