নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : মণিপুৰত সোমবাৰে পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান (Voting started in Manipur) প্ৰক্ৰিয়া ৷ ৰাজ্যখনৰ পাঁচখন জিলাৰ ৩৮ টা সমষ্টিত ক’ভিডৰ কঠোৰ নিৰ্দেশনা পালন কৰি আৰম্ভ হৈছে ভোটগ্ৰহণ ।
মণিপুৰৰ মুখ্যমন্ত্ৰী তথা হেইনগাঙৰ বিজেপি প্ৰাৰ্থী এন বীৰেন সিঙে (CM Biren Singh casts his Vote) ইম্ফলৰ শ্ৰীৱান উচ্চ বিদ্যালয়ত পত্নীৰ সৈতে উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি সমষ্টিৰ ৭৫% লোকে বিজেপি দলৰ লগতে তেওঁক ভোট দিব বুলি আশা ব্যক্ত কৰে ।
মুখ্যমন্ত্ৰীগৰাকীয়ে এই নিৰ্বাচনত বিজেপিয়ে প্ৰথম পৰ্যায়ত ৩৮ খন আসনৰ ভিতৰত কমেও ৩০ খন আসন লাভ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ তেওঁ লগতে কয় যে, মণিপুৰৰ লোক প্ৰধানমন্ত্ৰী মোডীৰ দৰে ৷ উল্লেখ্য যে, মণিপুৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৭৩ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে (Manipur election 2022 phase 1) । ৰাজ্যখনৰ ১,৭২১ টা ভোটকেন্দ্ৰত প্ৰায় ১২,০৯,৪৩৯ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং
আনহাতে, মুখ্যমন্ত্ৰী তথা বিজেপি প্ৰাৰ্থী এন বীৰেন সিঙৰ বাহিৰেও এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা অন্যতম প্ৰাৰ্থীসকল হৈছে বিধানসভাৰ অধ্যক্ষ ৱাই খেমচান্দ সিং, উপ মুখ্যমন্ত্ৰী তথা এন পি পি প্ৰাৰ্থী য়ুমনাম জয়কুমাৰ আৰু মণিপুৰ কংগ্ৰেছৰ সভাপতি এন লোকেশ সিং ।
লগতে পঢ়ক :Manipur election 2022 phase 1 : আজি ইভিএমত বন্দী হ’ব ১৭৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য