নেশ্যনেল ডেস্ক, 19 জুলাই: 'পেগাচাছ' স্পাইৱেৰক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত থকাৰ মাজতে অতি শেহতীয়াকৈ আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনতো বিষয়টোৱে চৰ্চা লাভ কৰিছে ৷ সোমবাৰে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতেও ইজৰাইলী স্পাইৱেৰ পেগাচাছৰ জৰিয়তে সাংবাদিককে ধৰি কেইবাজনো লোকক চোৰাংকৈ নিৰীক্ষণ(snooping) কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ স্পষ্টীকৰণ দিয়াটো উচিত বুলি মন্তব্য কৰিছে ৷ অৱশ্যে সংবাদ মাধ্যমত প্ৰকাশিত 'পেগাচাছ' স্পাইৱেৰৰ সমগ্ৰ অভিযোগ ভাৰত চৰকাৰে পোনচাটেই নাকচ কৰিছে ৷
'পেগাচাছ' স্পাইৱেৰ ব্যৱহাৰ কৰি কোনো অচিনাকী সংস্থাই কেইবাজনো ভাৰতীয় সাংবাদিকক চোৰাংভাৱে নিৰীক্ষণৰ লক্ষ্য কৰি লোৱা অভিযোগ ভাৰত চৰকাৰে নাকচ কৰাৰ লগতে এই স্পষ্ট কৰি দিছে যে, উক্ত অভিযোগৰ কোনোধৰণৰ দৃঢ় ভিত্তি বা সত্যতা নাই ৷ এই সমগ্ৰ অভিযোগক শূণ্যত গদা ঘূৰোৱা ধৰণৰ বুলি আখ্যা দি ইলেক্ট্ৰনিক্স আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়(Ministry of Electronics and Information and Technology)এ কয় যে, "নিৰ্দিষ্ট লোকৰ ওপৰত চৰকাৰী নিৰীক্ষণ সম্পৰ্কীয় যি অভিযোগ উত্থাপন হৈছে তাৰ সৈতে কোনো দৃঢ় ভিত্তি বা সত্য জড়িত নাই । পূৰ্বতে হোৱাটছএপত পেগাচাছৰ প্ৰয়োগ কৰা বুলি ভাৰতীয় ৰাজ্যসমূহৰ বিৰুদ্ধে এক অনুৰূপ অভিযোগ উত্থাপিত হৈছিল ৷ উক্ত প্ৰতিবেদন সমূহৰো কোনো তথ্যগত ভিত্তি নাছিল আৰু ভাৰতীয় উচ্চতম ন্যায়ালয়ত হোৱাটছএপকে ধৰি সকলো পক্ষই এই অভিযোগ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ৷ "
ইলেক্ট্ৰনিকছ, তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে লগতে এইবুলিও কয় যে, "ভাৰত হৈছে এক শক্তিশালী গণতন্ত্ৰ যি ইয়াৰ সকলো নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ সুনিশ্চিত কৰাটো এক মৌলিক অধিকাৰ হিচাপে গণ্য কৰে ৷ এই প্ৰতিশ্ৰুতি ৰক্ষা কৰি ভাৰতে প্ৰতিগৰাকী নাগৰিকৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰাৰ বাবে ব্যক্তিগত তথ্য সুৰক্ষা বিধেয়ক, 2019(Personal Data Protection Bill, 2019) আৰু তথ্য প্ৰযুক্তি নিয়ম, 2021(Information Technology (Intermediary Guidelines and Digital Media Ethics Code) Rules, 2021) উত্থাপন কৰিছে ৷