অসম

assam

By

Published : Jan 4, 2021, 4:34 PM IST

ETV Bharat / bharat

ন্যায়াধীশ পংকজ মিথালক জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

সোমবাৰে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাই নৱ নিযুক্ত মুখ্য ন্যায়াধীশ গৰাকীক ৷ পূৰ্বৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালৰ অৱসৰৰ পাছতে পংকজ মিথালক জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷

Pankaj Mithal takes oath as Chief Justice of J-K, Ladakh
ন্যায়াধীশ পংকজ মিথালক জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

নিউজ ডেস্ক,4 জানুৱাৰী: জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিলে ন্যায়াধীশ পংকজ মিথালে ৷ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিংহাই সোমবাৰে শপত বাক্য পাঠ কৰোৱাই নৱ নিযুক্ত মুখ্য ন্যায়াধীশ গৰাকীক ৷ ন্যায়াধীশ গৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতে তেখেতক টুইটাৰ যোগে শুভেচ্ছা জ্ঞাপন কৰে জম্মু আৰু কাশ্মীৰ জনসংযোগ বিভাগে ৷

উল্লেখ্য যে,উচ্চ ন্যায়ালয় খনৰ পঞ্জীয়ক গৰাকীয়ে নিযুক্তি পত্ৰ পাঠ কৰাৰ লগতে শপত গ্ৰহণ অনুষ্ঠানটো পৰিচালনা কৰিছিল উপ-ৰাজ্যপালৰ মুখ্য সচিব নীতিশ্বৰ কুমাৰে ৷ উল্লেখ্য যে,পূৰ্বৰ মুখ্য ন্যায়াধীশ গীতা মিট্টালৰ অৱসৰৰ পাছতে পংকজ মিথালক জম্মু,কাশ্মীৰ আৰু লাডাখৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃবিজেপি নেতাৰ হত্যাঃ ওড়িশাৰ আইন মন্ত্ৰীসহ ১৩ জনৰ বিৰুদ্ধে অভিযোগ

ABOUT THE AUTHOR

...view details