অসম

assam

Pakistan Hockey Team Gets NOC : চেন্নাইত চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ অংশগ্ৰহণ নিশ্চিত

By

Published : Jul 29, 2023, 10:02 AM IST

ভাৰতত অনুষ্ঠিত হ'বলগীয়া এছিয়ান চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান হকী দলে চৰকাৰৰ পৰা লাভ কৰিছে এনঅ'চি । পাকিস্তানী দলটো মঙলবাৰে ৱাঘা সীমান্তৰে ভাৰতত উপস্থিত হ'ব । পাকিস্তান ক্ৰিকেট দলেও বিশ্বকাপৰ বাবে এনঅ'চি লাভ কৰাৰ সম্ভাৱনা ।

Pakistan Hockey Team Gets NOC
চেন্নাইত চেম্পিয়নছ ট্ৰফীত পাকিস্তানৰ অংশগ্ৰহণ নিশ্চিত

স্পৰ্টছ ডেস্ক,২৯ জুলাই :অহা ৩ আগষ্টৰ পৰা চেন্নাইত অনুষ্ঠিত হ'ব এছিয়ান চেম্পিয়নছ ট্ৰফী ২০২৩ । ইতিমধ্যে প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰম্ভ হৈছে । ইয়াৰ মাজতে পাকিস্তান হকী দলে চেন্নাইত অনুষ্ঠিত হ'বলগীয়া এছিয়ান চেম্পিয়নছ ট্ৰফীৰ বাবে ভাৰত ভ্ৰমণৰ অনুমতি লাভ কৰিছে । পাকিস্তান হকী ফেডাৰেচনৰ (পিএইচএফ) সচিব হায়দৰ হুছেইনে শুকুৰবাৰে নিশ্চিত কৰিছে যে তেওঁলোকে অভ্যন্তৰীণ মন্ত্ৰালয়ৰ পৰা এনঅ'চি লাভ কৰিছে ।

জানিব পৰা মতে পাকিস্তানৰ দলটোৱে মঙলবাৰে ৱাঘা সীমান্তৰ পৰা অমৃতসৰলৈ যাত্ৰা কৰিব আৰু তাৰ পৰা তেওঁলোকে চেন্নাইলৈ ঘৰুৱা বিমানেৰে যাত্ৰা কৰিব । পিএইচএফ হায়দৰে কয় যে তেওঁ এতিয়াও তিনিগৰাকী বিষয়াৰ ভিছাৰ বাবে অপেক্ষা কৰি আছে । ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় দলটোৰ নৱনিযুক্ত পৰামৰ্শদাতা শ্বাহনাজ শ্বেখ ।

হায়দৰে জনোৱা মতে তেওঁলোকে সোমবাৰৰ ভিতৰত ভিছা পোৱাৰ আশা কৰিছে । ভাৰতীয় উচ্চ আয়োগে ইতিমধ্যে বাকী খেলুৱৈ আৰু বিষয়াসকলক ভিছা জাৰী কৰিছে । পাকিস্তানে ৩ আগষ্টত মালয়েছিয়াৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰথমখন খেল খেলিব ।

পাকিস্তান হকী দলে ভাৰত ভ্ৰমণৰ বাবে এনঅ'চি লাভ কৰাৰ পাছত, এইটো স্পষ্ট হৈ পৰিছে যে পাকিস্তান ক্ৰিকেট দলেও ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচি বিশ্বকাপ ২০২৩ত খেলিবলৈ আহিবলৈ চৰকাৰৰ পৰা এনঅ'চি ও পাব । অৱশ্যে, পাকিস্তান ক্ৰিকেট দল ভাৰতলৈ আহিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই আৰু পিচিবিয়ে কৈছে যে দলটোৱে এনঅ'চি পোৱাৰ পাছতহে ভাৰত ভ্ৰমণ কৰিব ।

পাকিস্তান হকী দল : মহম্মদ উমৰ ভট্টা (অধিনায়ক), আকমল হুছেইন, আব্দুল্লাহ ইষ্টিয়াক খান, মহম্মদ আব্দুল্লাহ, মহম্মদ চুফিয়ান খান, এহৎশ্বাম আছলাম, ওছামা বছিৰ, আকিল আহমেদ, আৰ্শাদ লিয়াকত, মহম্মদ ইমাদ, আব্দুল হানান শ্বাহিদ, জাকাৰিয়া হায়াত, ৰাণা আব্দুল ৱাহিদ আশ্ৰাফ (উপ-অধিনায়ক), ৰোমান, মহম্মদ মুৰ্তাজা য়াকোব, মহম্মদ শ্বাহজা খান, মহম্মদ শ্বাহজেব খান, অফৰাজ, আব্দুল ৰহমান ।

লগতে পঢ়ক :All Assam Sports Shooting Championship: সদৌ অসম স্পৰ্টচ শ্বুটিং চেম্পিয়নশ্বিপত ৰূপৰ পদক আজুৰিলে সামৰিণ হুছেইনে

ABOUT THE AUTHOR

...view details