অসম

assam

কৰ'ণা হটস্পটলৈ পৰিণত হৰিদ্বাৰ কুম্ভমেলা

কৰ'ণা হটস্পটলৈ পৰিণত হোৱাৰ দিশে হৰিদ্বাৰ কুম্ভমেলা । কুম্ভমেলাত ৫ দিনত আক্ৰান্ত হৈছে ১,৭০১ গৰাকী লোক ।

By

Published : Apr 15, 2021, 9:22 PM IST

Published : Apr 15, 2021, 9:22 PM IST

কুম্ভমেলাত ৫ দিনতে কৰ'ণাত আক্ৰান্ত ১৭০০ গৰাকী লোক
কুম্ভমেলাত ৫ দিনতে কৰ'ণাত আক্ৰান্ত ১৭০০ গৰাকী লোক

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: দেশত কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে হৰিদ্বাৰৰ কুম্ভমেলাত ৫ দিনত ১,৭০১ গৰাকী লোক ক'ভিড-19 ত আক্ৰান্ত হৈছে । এই ঘটনাৰ পাছতে ৰাইজে কুম্ভমেলাৰ দ্বাৰা অধিক কৰ'ণা সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত হৰিদ্বাৰৰ মুখ্য চিকিৎসা বিষয়া শম্ভু কুমাৰ ঝাই বৃহস্পতিবাৰে জনোৱা মতে, হৰিদ্বাৰৰ পৰা দেৱপ্ৰয়াগলৈকে বিস্তৃত হৈ থকা সমগ্ৰ মেলা ক্ষেত্ৰত পাঁচ দিনৰ সময়ছোৱাত ভক্ত আৰু বিভিন্ন আখৰা (সন্ন্যাসী গোট)ৰ ভক্ত আৰু দৰ্শকৰ আৰটি-পিচিআৰ আৰু ৰেপিড এণ্টিজেন পৰীক্ষা কৰি থকা হৈছে ।

এতিয়াও বহু আৰটি-পিচিআৰ পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী থকাৰ পৰিপ্ৰেক্ষিতত কুম্ভমেলাত সংক্ৰমিত লোকৰ সংখ্যা ২,০০০ লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে হৰিদ্বাৰ, তেহৰি আৰু ডেৰাডুন জিলাৰ কিছু অংশ সামৰি ৬৭০ হেক্টৰ অঞ্চলজুৰি কুম্ভমেলা বিস্তৃত হৈ আছে, যাৰ ভিতৰত হৃষীকেশো আছে ৷

লক্ষণীয়ভাৱে ১২ এপ্ৰিলত সোমৱাতি অমাৱস্যা আৰু ১৪ এপ্ৰিলত মেষ সংক্ৰান্তি উপলক্ষে অনুষ্ঠিত হোৱা অন্তিম দুটা পবিত্ৰ স্নানত অংশগ্ৰহণ কৰা প্ৰায় ৪৮.৫১ লাখ লোকৰ অধিকাংশই মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলা আদি ক'ভিড-19 সম্পৰ্কীয় নিয়ম মুকলিকৈ উলংঘা কৰা পৰিলক্ষিত হৈছিল ৷ মুখ্য চিকিৎসা বিষয়া শম্ভু কুমাৰ ঝাই জনোৱা মতে মেলাৰ অঞ্চলবোৰত পৰীক্ষা আৰু টীকাকৰণ দুয়োটা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:তেলেংগানাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ২

ABOUT THE AUTHOR

...view details