আগৰতলা , 4 ছেপ্তেম্বৰ :ড্ৰাগৰ অপব্যৱহাৰৰ বৰ্ধিত প্ৰৱণতাৰ বিৰুদ্ধে যুঁজিবলৈ যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়াক জনপ্ৰিয় কৰাৰ লক্ষ্য ত্ৰিপুৰাৰ নতুন ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী(Sports and Youth Affairs Minister) সুশান্ত চৌধুৰী( Sushanta Chowdhury)ৰ ৷ কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচতে নিজৰ প্ৰথমটো ভাষণত চৌধুৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ক্ৰীড়াক জনপ্ৰিয় কৰাৰ পোষকতা কৰে ৷
কেন্দ্ৰৰ পৃষ্ঠপোষকতাত বহু কোটি টকাৰ ব্যয় সাপেক্ষে এথলেটিকছৰ বাবে নতুন Synthetic track আধাৰশিলা স্থাপন কৰাৰ সময়ত চৌধুৰীয়ে সকলোৰে পৰা সমৰ্থন আৰু গঠনমূলক পৰামৰ্শৰ আহ্বান জনায় ৷ ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নত কৰাই তেওঁৰ লক্ষ্য বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷
অনুষ্ঠানটোত উপস্থিত থকা লোকসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে, জনজাতীয় অধ্যুষিত অঞ্চলসমূহ(tribal dominated areas)ত ড্ৰাগছে যুৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰি আছে । আৰক্ষীয়ে এই সমস্যা সমাধানৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে যদিও এইক্ষেত্ৰত সজাগতা আটাইতকৈ প্ৰয়োজনীয় । তেওঁ কয় যে, যদিহে যুৱক-যুৱতীসকলক শাৰীৰিক ক্ৰীড়াত অংশগ্ৰহণ কৰিবলৈ আৰু গঠনমূলক কামত অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হয়, তেন্তে ড্ৰাগছজনিত সমস্যাসমূহ স্বাভাৱিকভাৱে শেষ হ'ব ৷