নিউজ ডেস্ক, ২০ ডিচেম্বৰ:ছত্তীশগড়ত নতুন চৰকাৰ গঠন হোৱাৰ পাছত নক্সালবাদীয়ে অহৰহ অপৰাধ সংঘটিত কৰি আহিছে । বস্তাৰত সৰ্বাধিক সন্ত্ৰাসৰ সৃষ্টি কৰিছে মাওবাদীয়ে। বুধবাৰে বস্তাৰৰ সুকমাত নক্সালবাদীয়ে বহু বাহনত অগ্নিসংযোগ কৰে । যাৰ বাবে অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।
নক্সালবাদীয়ে সন্ধিয়া ৭.৩০ বজাত সুকমাৰ সমীপৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে । ইয়াত মাওবাদীয়ে দুখন ট্ৰেইলাৰ বাহনত অগ্নিসংযোগ কৰে । ইয়াৰ পিছতে জাগৰগুণ্ডা থানাৰ অন্তৰ্গত কমাৰগুদাত নক্সালবাদীয়ে এখন পিকআপ গাড়ীত অগ্নিসংযোগ কৰে । এখন যাত্ৰীবাহী বাছ, দুখন ট্ৰেইলাৰ আৰু এখন পিকআপ গাড়ীত অগ্নিসংযোগ কৰিছে নক্সালবাদীয়ে । ইয়াৰ উপৰিও মাওবাদীয়ে বিজাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা কৰিছে । কোৱা হৈছে যে এই অগ্নিকাণ্ডত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই । বাছখনত থকা আটাইকেইজন যাত্ৰী নিৰাপদ বুলি কোৱা হৈছে ।
নক্সালবাদীৰ এই হিংসাৰ বাবেই সুকমাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যান-জঁটৰ সৃষ্টি হয় । গাড়ীৰ দীঘলীয়া শাৰী দেখা যায় । অগ্নিসংযোগৰ পিছতে নিৰাপত্তা বাহিনীক সেই স্থানলৈ প্ৰেৰণ কৰা হয় । জোৱানসকলে সেই স্থানত উপস্থিত হৈ পথটো মোকলাবলৈ চেষ্টা কৰে । জুই নিৰ্বাপনৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হয় । চাৰিওফালৰ অঞ্চলত অনুসন্ধান অভিযান চলোৱা হৈছে । জানিব পৰা মতে দুবছৰ পূৰ্বেও নক্সালবাদীয়ে এই অঞ্চলত সাতখন বাহনত জুই লগাইছিল ।