নেচনেল ডেস্ক,7 এপ্ৰিল:টিভি চোৱাক লৈ স্বামী-স্ত্ৰীৰ মাজত সূত্ৰপাত হোৱা কাজিয়াৰ পৰিণতিত প্ৰাণ হেৰুৱালে এটি তিনি বছৰীয়া কন্যা শিশুৱে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেংগালুৰুৰ আন্নাপূৰ্ণেশ্বৰী আৰক্ষী থানাৰ অন্তৰ্গত এক অঞ্চলত টিভি চোৱাক কেন্দ্ৰ কৰি স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ সুধা নামৰ মহিলাগৰাকীয়ে খঙৰ ভমকত তিনি বছৰীয়া কন্যা শিশুটিক হত্যা কৰি নগৰবাভি অঞ্চলৰ এক অট্টালিকা নিৰ্মাণ কৰি থকা অঞ্চলত পেলাই দিয়ে ৷
মাতৃৰ হাতত নিহত শিশুটিৰ নাম ভিনুতা ৷ প্ৰাপ্ত তথ্য অনুসৰি স্বামী ঘৰত নথকাৰ সময়ত ডিঙি চেপি সুধাই সন্তানটিক হত্যা কৰে আৰু দলিয়াই পেলায় ৷ পৰৱৰ্তী সময়ত শিশুটি হেৰুওৱাৰ অভিনয় কৰি হুলস্থুল কৰে সুধাই ৷ অৱশ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পাছতে মাতৃয়ে শিশুটিক হত্যা কৰাৰ তথ্য পোহৰলৈ আহে ৷