নেশ্যনেল ডেস্ক, ৩০ মাৰ্চ: মিজোৰামত অব্যাহত আছে COVID-১৯ মহামাৰীৰ সংক্ৰমণ । ৰাজ্যখনত এতিয়ালৈকে মুঠ ৪,৪৬৮ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । যোৱা ২৯ মাৰ্চত নতুনকৈ ৩ জন লোক COVID-১৯ মহামাৰীৰ কবলত পৰিছে । মঙলবাৰলৈকে ৰাজ্যখনত আক্ৰান্তৰ ২৩টা ঘটনা সক্ৰিয় হৈ আছে । জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫ টা নমুনা পৰীক্ষা কৰা হৈছিল ।
ইয়াৰ ভিতৰত এজনো লোক মহামাৰীত আক্ৰান্ত হোৱা নাই । আৰ এ জি টিয়ে পৰীক্ষা কৰা ৪১৫টা নমুনাৰ ভিতৰত ৩ জনৰ দেহত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । এজন ৩১ বছৰীয়া আৰু এজন ৪১ বছৰ বয়সৰ পুৰুষ মহামাৰীত আক্ৰান্ত হৈছে আৰু এওঁলোকৰ দেহত এতিয়ালৈকে কোনো লক্ষণে দেখা দিয়া নাই । আনহাতে, ৬০ বছৰ বয়সৰ এগৰাকী মহিলাও আক্ৰান্ত হৈছে, যাৰ দেহত COVID-১৯ৰ লক্ষণ থকাতো স্পষ্ট হৈছে । যোৱা ২৯ মাৰ্চত ৪২০টা নমুনাৰ পৰীক্ষা কৰা হয় ।