নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ :বেংগালুৰুৰ কেম্পেগৌড়া আন্তৰ্জাতিক বিমানবন্দৰত এজন ব্য়ক্তিয়ে কঢ়িয়াই অনা বেগত উদ্ধাৰ ১৬ জাঁই সজীৱ গুলী । ব্য়ক্তিগৰাকী হ'ল হট্টী সোণৰ খনি নিগমৰ অধ্য়ক্ষ তথা লিংগাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনপ্পা ভজল । বেংগালুৰুৰ পৰা হায়দৰাবাদলৈ যাবলৈ আহোতে বিমানবন্দৰৰ নিয়মীয়া তালাচীত প্ৰাক্তন বিধায়ক গৰাকীৰ পৰা উদ্ধাৰ কৰা হয় গুলীখিনি ।
১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক প্ৰাক্তন বিধায়ক
লিংগাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনপ্পা ভজলৰ পৰা ১৬ জাঁই সজীৱ গুলী উদ্ধাৰ । বেংগালুৰুৰ পৰা হায়দৰাবাদলৈ যাবলৈ আহোতে বিমানবন্দৰৰ নিয়মীয়া তালাচীত হট্টী সোণৰ খনি নিগমৰ অধ্য়ক্ষ তথা প্ৰাক্তন বিধায়ক গৰাকীৰ পৰা উদ্ধাৰ কৰা হয় গুলীখিনি ।
১৬ জাঁই সজীৱ গুলীসহ বিমানবন্দৰত আটক লীঙ্গাসুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক
বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁ সোধাপোছ কৰাত এই কথা গম পালে যে প্ৰাক্তন বিধায়ক গৰাকীৰ হাতত এটা বন্দুকৰ অনুজ্ঞাপত্ৰ আছে আৰু বিধায়কজনে ভুলবশতঃ বেগত গুলীখিনি লৈ আহিছিল ৷ বিমানবন্দৰ কতৃপক্ষই তেওঁক আগলৈ এনে ভুল নকৰিবলৈ সকীয়নি দিয়ে আৰু যাবলৈ দিয়া । কিন্তু এগৰাকী প্ৰাক্তন বিধায়কে কৰা এইধৰণৰ দায়িত্বজ্ঞানহীন কাৰ্যৰ পিছতে বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হৈছে তেওঁ ।
লগতে পঢ়ক :দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধিঃ ৩.৪ ডিগ্ৰী ছেলছিয়াছলৈ নামিল পাৰাস্তম্ভ