নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: বৃহস্পতিবাৰে নিশা কৰ্ণাটকৰ শিৱমোগ্গাত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ ৷ বিস্ফোৰণটোত 8 জন শ্ৰমিকৰ মৃত্যু হয় ৷ শিৱমোগ্গাা-হানাগল ৰাজ্যিক ঘাইপথৰ কাষত অৱস্থিত আব্বালাগেৰে গাঁৱৰ এটা শিলৰ কুৱেৰীত সংঘটিত হয় বিস্ফোৰণটো ৷ প্ৰচণ্ড শব্দেৰে সংঘটিত হোৱা বিস্ফোৰণটো এটা ষ্ট'ন ক্ৰেচিং ইউনিটত সংঘটিত হৈছিল,য'ত 50 টা বাকচত খনি বিস্ফোৰণৰ বিভিন্ন সামগ্ৰী মজুত ৰখা হৈছিল ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এচ. য়েদুয়ুৰাপ্পাৰ গৃহ সমষ্টিতে এই ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয় বুলি আৰক্ষী সূত্ৰই জনাইছে ৷
উল্লেখ্য যে,এই বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে 5 কিলোমিটাৰ দূৰলৈ ইয়াৰ প্ৰভাৱ পৰিছিল ৷ সমগ্ৰ অঞ্চলটোত হঠাতে তাপ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে বিস্ফোৰণস্থলীত আন কোনো লোক উপস্থিত হ'ব পৰা নাছিল ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনোৱা মতে,শিলৰ কুৱেৰীটোত নিশা প্ৰায় 10:20 বজাত মৃদু ভূমিকম্পৰ সৃষ্টি হৈছিল আৰু এক তীব্ৰ শব্দৰে খনি বিস্ফোৰণৰ বিভিন্ন সামগ্ৰী সমূহ বিস্ফোৰিত হৈছিল ৷