অসম

assam

ETV Bharat / bharat

Justice U U Lalit may next CJI:উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী ন্যায়াধীশৰ তালিকাত ইউ ইউ ললিত - CJI

ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ(CJI)তালিকাত আছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ইউ ইউ ললিত(Supreme Court Justice U U Lalit)।উল্লেখ্য় যে এইগৰাকী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ মুছলমানসকলৰ মাজত তাৎক্ষণিক 'তিনি তালাক'ৰ জৰিয়তে বিবাহ বিচ্ছেদৰ প্ৰথা অবৈধ আৰু অসাংবিধানিকসহ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ত জড়িত হৈ আছে।

Justice U U Lalit may next CJI
উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী ন্যায়াধীশৰ তালিকাত ইউ ইউ ললিত

By

Published : Aug 4, 2022, 12:24 PM IST

নেচনেল ডেস্ক, ৪ আগষ্ট:ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ(CJI)তালিকাত আছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ ইউ ইউ ললিত(Supreme Court Justice U U Lalit)।উল্লেখ্য় যে এইগৰাকী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ মুছলমানসকলৰ মাজত তাৎক্ষণিক 'তিনি তালাক'ৰ জৰিয়তে বিবাহ বিচ্ছেদৰ প্ৰথা অবৈধ আৰু অসাংবিধানিকসহ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ত জড়িত হৈ আছে । যদি তেওঁক নিযুক্তি দিয়া হয় তেতিয়াহ'লে বাৰৰ পৰা পোনপটীয়াকৈ শীৰ্ষ ন্যায়ালয়ৰ বিচাৰপীঠত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ লাভ কৰা দ্বিতীয়গৰাকী মুখ্য ন্যায়াধীশ হিচাপে আখ্য়া কৰিব ।

১৯৭১ চনৰ জানুৱাৰীত ত্ৰয়োদশ চিজেআই হোৱা ন্যায়াধীশ এছ এম চিক্ৰি আছিল প্ৰথমগৰাকী অধিবক্তা, যি গৰাকীক ১৯৬৪ চনৰ মাৰ্চত পোনপটীয়াকৈ শীৰ্ষ আদালতৰ বিচাৰপীঠলৈ উন্নীত কৰা হৈছিল । উল্লেখ্য় যে ন্যায়াধীশ ইউ ইউ ললিত অহা ২৭ আগষ্টত ভাৰতৰ ৪৯ তম চিজেআই হিচাপে নিযুক্ত লাভৰ সম্ভাৱনা আছে । বৰ্তমানৰ ন্যায়াধীশ এন ভি ৰমনাৰ কাৰ্যকালৰ অন্ত পৰাৰ এদিন পিছতেই তেওঁ এই সুযোগ লাভ কৰিব । ন্যায়াধীশ ললিত 2014 চনৰ 13 আগষ্টত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত লাভ কৰিছিল । তেতিয়াৰ পৰা তেওঁ শীৰ্ষ ন্যায়ালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদানত জড়িত হৈ আছে । ন্যায়াধীশ ললিতে আহা 8 নৱেম্বৰত অৱসৰ ল'ব ।

ন্যায়াধীশ ললিতৰ উল্লেখযোগ্য় ৰায় সমূহৰ ভিতৰত এটা আছিল পাঁচ জনীয়া সংবিধান বিচাৰপীঠৰ আগষ্ট 2017 ৰ ৰায়, যিয়ে 3-2 সংখ্যাগৰিষ্ঠতাৰে তাৎক্ষণিক 'তিনি তালাক'ৰ জৰিয়তে বিবাহ বিচ্ছেদৰ প্ৰথাক 'শূন্য', 'অবৈধ' আৰু 'অসাংবিধানিক' বুলি ৰায় দিছিল(triple talaq)। অৱশ্য়ে তদানীন্তন মুখ্য ন্যায়াধীশ জে এছ খেহৰ আৰু ন্যায়াধীশ এছ আব্দুল নাজিৰে ছয় মাহৰ বাবে ৰায়টো স্থগিত ৰখাৰ পক্ষপাতী আছিল ।

ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত এখন বিচাৰপীঠে ৰায় দিছিল যে শিশুৰ শৰীৰৰ যৌন অংশ স্পৰ্শ কৰা বা 'যৌন অভিপ্ৰায়'ৰ সৈতে শাৰীৰিক সম্পৰ্কত জড়িত যিকোনো কাৰ্য যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (POCSO) আইনৰ ধাৰা 7-ৰ অধীনত 'যৌন আক্ৰমণ'ৰ সমান হিচাপে গন্য় কৰা হ'ব ।

লগতে পঢ়ক:National Herald Case : ইডিয়ে ছীল কৰিলে নেচনেল হেৰাল্ডৰ কাৰ্যালয় চৌহদ

ABOUT THE AUTHOR

...view details